অভিমানৰ পুখুৰীত বৰশীবোৱা ছোৱালী জনী

ঐ অভিমনৰ পুখুীৰত বৰশীবোৱা
ছোৱালী জনী
কাৰ বাবে বাট চাৱ বুকুৰ ঘাটত
শূণ্য খালৈ এটি লৈ?
বৰশীৰ ডাঁৰত ৰঙা জীঞা নাচিলে
খং কৰ কিয়?
পানীৰ তলৰ মাছ ধৰিবলৈ
তই ওপঙি থাক অভিমানৰ সাগৰত?
হেৰ,
দুষ্ট দৰিকণাবোৰে
কাহানিবাই খুটিয়াই খুটিয়াই
শেষ কৰিলে তোৰ বৰশীৰ টোপ
গপত গংগাটোপটো হৈ
তই বাৰু গধুৰ কৰ কাৰ
বুকুৰ উশাহ??
তই আচলতে বৰশী নাবাৱ
বৰশীটোৱে হে তোক টানি নিয়ে
প্ৰেমৰ গভীৰ তলিলৈ
চিপ মাৰিও তুলি আনিব নোৱাৰ
তোৰ প্ৰেমিক কলিজা ৷
তই ওপঙি থাকিলেও অভিমানৰ  সাগৰত
কিয় আওঁৰাই থাক প্ৰেমৰ কবিতা
সেয়া মাছ বোৰে জানে ৷
মাছবোৰ কিন্তু তোৰ প্ৰেমত নপৰে
সেই বাবেই সদায় শূণ্য হৈ ৰয় তোৰ
আশাৰ খালৈ

03/01/2017

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)