বীৰ আছিল তেওঁ

"দেশ বুলিলে আদেশ নালাগে"
বুলি অৰণ্যলৈ ওলাই যোৱা ল'ৰাটো
ওভটি আহিছিল এদিন ৷
তপত সীহৰ বন্যা
অথবা বন্দুকৰ বেৰেলেৰে
পৰিবৰ্তন আনিব খোজা ল'ৰাটোৰ
ভুল ভাগিছিল ৷
পৰিবৰ্তনৰ বাবে বাৰুদৰ
প্ৰয়োজনহীনতাৰ কথা
উপলব্ধি কৰি ঘূৰি আহিব খোজিছিল
তাৰ ওপজা গাঁও খনলৈ
য'ত তাৰ বাবে বাটচাই আছিল
এহাল কাজল সনা চকুৱে
এযোৰ জেতুকা বুলিয়া হাতে
এখন উকা কঁপালে ৷
ওভোটাৰ পথত
সি নিৰ্যাতিত হৈছিল
স্বাধীনতা ভাল নোপোৱা এজাক
পিশাচৰ হাতত ৷
বুকুত বুট জোতাৰ দাগ
আৰু বন্দুকৰ কুন্দাৰ আঘাট লৈ
সি ঘূৰি আহিছিল ৷

বৰ যতনেৰে সি পিন্ধাই দিছিল
দগ্ মগ্ বেলি যেন
সেন্দুৰৰ ফোঁট সেই কঁপালত ৷
গোপন কৰি ৰাখিছিল সি
বুকুৰ সমষ্ট যান্ত্ৰণা ৷
সি যে নিৰ্যাতিত হৈছিল,
আঘাট পাইছিল কলিজাত

শেতেলীৰ লগৰী জনীকো
জনোৱা নাছিল
জানোচা তাই ভাগি পৰে ৷

দখলদাৰী বাহিনীৰ বুট জোতাৰ দাগ
তাৰ বুকুত লাগি আছিল ৷
প্ৰতিটো নিশা সি চট্ ফটাইছিল
মৃত্যু যন্ত্ৰণাত
কাণে কাণে তাক কৈ গৈছিল কোনোবাই
"তোৰ মৃত্যু সমাগত ৷"
তথাপিও সি জনোৱা নাছিল তাৰ প্ৰেয়সীক
ভাঙি দিব খোজা নাছিল তাইৰ
উঠন স্বপ্ন ৷

বুকুৰ অসহ্য যান্ত্ৰনাটো লৈ
সি গুচি গ'ল গৈ
দগ্ মগ্ সেন্দুৰৰ ৰঙা কঁপালৰ বেলিটো
মাৰ গ'ল

জেতুকাবুলীয়া হাত দুখনে
চকু ঢাকি উচুপি উঠিছে
কাপুৰুষৰ সধৱা পত্নীতকৈ
বীৰ জোৱানৰ বিধবা পত্নী
হোৱাৰ গৌৰৱেৰে গৌৰৱী
ছোৱালী জনীয়ে
আজিও আওঁৰাই
পোহৰৰ  প্ৰাৰ্থনা,
দেশ প্ৰেমৰ গীত
আৰু ছহীদ বন্দনা ৷

( কবিতা নহয় ৷ এজন বীৰ ছহীদৰ সোঁৱৰণত)

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?