Posts

Image
বিষাদৰ শেষত বিলম্বিত লয়ৰ  বিষাদ গীত এটি  কঁপি কঁপি বাজে মনৰ চেটাৰত ৷ মুকুতাৰ মালা যেন নিতুল শব্দচয়নৰ  কাৰুণ্যতা ভৰা গীত ৷ হৃদয় তানপুৰাৰ খোলাটো ভাগিল কাহানিবাই বাঁহীটো উটি গ'ল তেজৰ সোঁতত বজাবহি কোনে প্ৰেমৰ মেহফিলত ৰূপক তালৰ গীত? ? ভগা তানৰপুৰাৰ খোলাত মেলিছে হেঁপাহৰ হাস্নাহানাৰ পোখা বিয়পাব এদিন প্ৰেমগন্ধী ৰেণু মোৰ বুকুৰ চুবুৰীত ৷৷ শিল্পী দিৱসৰ দিনা২০১৭
Image
জীৱনৰ কথা মোক নুসুধিবা কিমান ভৰুণ হ'লে দুখ ৰাতিৰ বুকুত মুখ গুজি উচুপিব পাৰি কিমানলৈ উজাই আহিলে বিষাদ গুণ গুণাব পাৰি নিসংগতাৰ গান গোম সাপ বৰঙীয়া আন্ধাৰত কাণ উনাই শুনিব পাৰি নিয়তি পক্ষীৰ মাত মোক নুসুধিবা ৷ উজাগৰী ৰাতিও ৰ'দ ৰাগিনীয়ে মোৰ কাণত আওৰাই যায় পোহৰৰ উমাল গান দামুৰি পোৱালী এটিৰ দৰে দেদাউৰি পাৰি গুছি যায় যত বিষাদ,  অভিমান জীৱন- তোক বুজা সঁচাই টান ৷

হেৰাই যাম

Image
হেৰাই যাম হেৰাই যোৱাৰ বাসনা এটাই সুহুৰীয়াই মাতিছে মোক নুশুনা বাঁহী এটাৰ সুৰৰ আঁত বিচাৰি গুচি যাম চাগে ৰ'দৰ দেশলৈ জোনাক হৈ সৰিম নিয়ৰ হৈ ওমলিম তোৰ চকুৰ পতাত  --বিনয় ২১ ডিচেম্বৰ ২০১৬ ********
Image
এটা বাতৰিৰ আঁতধৰি জুয়ে পোৰা ৮৩ (অনুভৱ ) পুৱা সাৰ পাই কাকতত সমূহৰ ই-সংস্কৰণবোৰ চকু ফুৰাবলৈ আৰম্ভ কৰা বেছিদিন হোৱা নাই ৷ কাৰণ আমাৰ দৰে মফচলীয় ঠাইবোৰলৈ স্মাৰ্ট ফোন অহা বছৰচেৰেক হ'ল যদিও 3জি সেৱা উপব্ধ হৈছে সৌ সিদিনাহে ৷ এৰা বৰ বেগেৰে দৌৰিছে প্ৰযুক্তিৰ পৃথিৱী ৷ আজিৰ পৰা দুটা দশক আগতে আমাৰ অঞ্চলটোত অতি আধ্যৱন্ত মানুহৰ ঘৰত হে টিভি আছিল ৷ তাকো বগা-ক'লা ৷ চেনেল মাত্ৰ এটা DD1 ( দূৰদৰ্শন১) আনটো চেনেল DD2 লগাবলৈ হ'লে  সুকীয়াকৈ এন্টেনা লগাব লাগে ৷ আৰু দেওবাৰে সম্প্ৰচাৰ হোৱা "ৰামায়ণ- মহাভাৰত" ধাৰাবাহিক কেইখন চাবলৈ গৃহষ্ঠই টিভিটোকে বাহিৰলৈ ওলিয়াই দিব লগাত পৰিছিল ৷ টিভিটো হৈ পৰিছিল সমূহীয়া সম্পদ ৷ কিন্তু আজি হাতৰ মুঠিতেই পৃথিৱী ৷ এণ্ডৰইড, উইণ্ডজ, আই ফোনৰ আৰু উন্নত ইন্টাৰনেট সংযোগৰ বাবে হাত থকা ম'বাইল ফোনটোতে বিচাৰি পাব পাৰি পৃথিৱীৰ সমস্ত খবৰৰ পৰা মনোৰঞ্জন, জ্ঞানৰ  সকলো তথ্য ৷          যি সময়ত কাঁডৰ দৰে দৌৰিছে  পৃথিৱী ৷ সেই ক্ষণতে মই কৰ্মৰত নিয়মীয়া বাৰ্তাৰ পৃষ্ঠা জিলিকি থকা এখন ছবি আৰু বাতৰি এটাই ক্ষন্তেকৰ বাবে ভবাই তুলিলে ৷ আমি ক'ত আছো?? জৰাজীৰ্ণ দলঙৰ পৰা পৰি ছা

মোৰ মৰম নদীত

মোৰ মন নদীত কোন অচিনা -অজানা নাৱৰীয়া যৌৱনৰ ভৰ দুপৰীয়া চপাব খোজিছ নাও মেতমৰা, মৰমে ভৰা হেঙুলীয়া ঝিৰি ঝিৰি ঝিৰি জীৱন ৰঙানদী বৈ আছে মোৰ সাগৰ ধিয়াই নিৰবধি তই নচপাবি নাও নাৱৰীয়া মৰমৰ নাও হেঙুলীয়া বৰ থিয় গৰা ঘাট নাইকিয়া যৌৱনৰ এই ৰঙা নৈ বৰ চঞ্চলা তই গুচি যা গাই ভাটীয়ালি সুৰ বিন্দিয়া অ' নাৱৰীয়া অ' নাৱৰীয়া মই ভৰ যৌৱনা আবেগে উতলা দুপাৰৰ সেউজীয়া মোৰ লগৰীয়া নিজৰে দাপোনত কাচোনমতী মই নাহিবি নাহিবি তই অচিনা অজানা নাৱৰীয়া ৷ মোৰ চকুৰ কজলা পখিলা তই ধৰিব খুজিলে মোৰ মেঘ বৰণীয়া চুলি তাৰি তই লুকাব খুজিলে মৰহি যাম মই লাজতে নাহিবি নাহিবি কাষলে ৷ যৌৱনৰ ভৰ দুপৰীয়া চপাব খোজিছ নাও মেতমৰা, মৰমে ভৰা হেঙুলীয়া মই চঞ্চলা ৰঙানৈ যৌৱনমতী মই ব'বলৈ দে মোক সাগৰ ধিয়াই গুছি যা গুছি যা গাই ভাটীয়ালী অ' নাৱৰীয়া অ' নাৱৰীয়া

গীত

মনৰে কাৰেঙৰ গোপন কোঠাত কোন শেৱালী কোঁৱৰী আহি প্ৰাণৰ বীণাত তুলি প্ৰণয় ৰাগীনি হাইতাল বৰণীয়া হৃদয় কঁপায় যাউতি যুগীয়া সুৰ বিনন্দিয়া মনৰ মণি কোঠাত তোৰ চবি জোনাকৰ ৰঙেৰে  অঁকা তই ৰ'দ, তই বষুণ তই জোনাক, তই ৰঙা কাঞ্চন তই ফাগুনৰ ৰঙা শিমলু তই শেৱালী, সাৱটি নিয়ৰৰ চকুলো মন কাৰেঙ জোনাকে ভৰা পোহৰ পোহৰ গোটেই ধৰা তই শেৱালী মোৰ আন্ধাৰ ৰাতিৰ নহৱ সুৰুজমুখীী দিনত ফুলা
WEDNESDAY, 28 DECEMBER 2016 গীত গীতঃ জয়মতী বিনয় কৃষ্ণ তামুলী ফুকন জয় সাগৰৰ জয় দেউলে কিয় আজি সোঁৱৰাই জয়া কেৱল জানো সতীয়েই আছিল যি ৰাখিলে দেশৰ মান বুকুৰ তেজৰ শলিতা জ্বলাই জয়মতী জয়মতী তই নহৱ কেৱল মহাসতী তই দেশৰ বাবে তই জাতিৰ বাবে নিজকে বিসৰ্জিলি তই বীৰাংগনা জয়মতী ৷ পুৰুষ প্ৰধান সমাজে তোক সজাব খুজিলে সতী কোনে লিখিছিল ধৰ্মপুথি নাৰীক কৰি অৱলা সতী তই নহৱ সতী বীৰাংগানা হে মহীয়সী জয়মতী ৷ লাইথেপেনাৰ তই জীয়ৰী গদাধৰৰ জীৱন লগৰী লাই-লেচাইক বুকুত সাৱটি ৰাখিলি নিজৰ দেশ- জাতি ৰাঙলি কৰিলি জেৰেঙাৰ মাটি তথাপি সজাব খোজে কোনে তোক মহাসতী, বীৰাংগনা তই মহীয়সী জয়মতী ৷ আজি বুৰঞ্জী আমি আকৌ লিখিম জয়মতী তোক তেজেৰে আঁকিম ৰাখি গ'লি দেশৰে মান বীৰাংগনা তোক দিওঁ সন্মান ৷ বঙহৰ দেওৰ বাবে তই দিছিলি জানো প্ৰাণ নাছিল জানো তাত স্বজাতিৰ সন্মান? চুড়াত দাগেৰে লিখা ৰ'ল ইতিহাস কাঁইটিয়া কোটকোৰাৰ জোঙাল হুলত ওঠৰ দিনৰ নিৰ্যাতনক কোন পুৰুষ সমাজে কৰে উপহাস? ? তই নহৱ সতী জয়মতী তই তেজে লিখা বিপ্লৱৰ ইতিহাস তই বীৰাংগনা তই মহীয়সী ৰাখি গ'লি দেশ জাতি বীৰাংগনা জয়মতী