জীৱনৰ কথা

মোক নুসুধিবা
কিমান ভৰুণ হ'লে দুখ
ৰাতিৰ বুকুত মুখ গুজি
উচুপিব পাৰি
কিমানলৈ উজাই আহিলে বিষাদ
গুণ গুণাব পাৰি নিসংগতাৰ গান
গোম সাপ বৰঙীয়া আন্ধাৰত
কাণ উনাই শুনিব পাৰি নিয়তি পক্ষীৰ মাত
মোক নুসুধিবা ৷
উজাগৰী ৰাতিও ৰ'দ ৰাগিনীয়ে
মোৰ কাণত আওৰাই যায়
পোহৰৰ উমাল গান
দামুৰি পোৱালী এটিৰ দৰে
দেদাউৰি পাৰি গুছি যায়
যত বিষাদ,  অভিমান
জীৱন-
তোক বুজা সঁচাই টান ৷

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান