গীত

মনৰে কাৰেঙৰ গোপন কোঠাত কোন শেৱালী কোঁৱৰী আহি
প্ৰাণৰ বীণাত তুলি প্ৰণয় ৰাগীনি
হাইতাল বৰণীয়া হৃদয় কঁপায়


যাউতি যুগীয়া সুৰ বিনন্দিয়া
মনৰ মণি কোঠাত তোৰ চবি
জোনাকৰ ৰঙেৰে  অঁকা

তই ৰ'দ, তই বষুণ
তই জোনাক, তই ৰঙা কাঞ্চন
তই ফাগুনৰ ৰঙা শিমলু
তই শেৱালী,
সাৱটি নিয়ৰৰ চকুলো

মন কাৰেঙ জোনাকে ভৰা
পোহৰ পোহৰ গোটেই ধৰা
তই শেৱালী মোৰ আন্ধাৰ ৰাতিৰ
নহৱ সুৰুজমুখীী দিনত ফুলা

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান