WEDNESDAY, 28 DECEMBER 2016

গীত

গীতঃ জয়মতী
বিনয় কৃষ্ণ তামুলী ফুকন

জয় সাগৰৰ
জয় দেউলে
কিয় আজি সোঁৱৰাই
জয়া কেৱল জানো সতীয়েই আছিল
যি ৰাখিলে দেশৰ মান
বুকুৰ তেজৰ শলিতা জ্বলাই

জয়মতী
জয়মতী
তই নহৱ কেৱল মহাসতী
তই দেশৰ বাবে
তই জাতিৰ বাবে
নিজকে বিসৰ্জিলি
তই বীৰাংগনা জয়মতী ৷

পুৰুষ প্ৰধান সমাজে
তোক সজাব খুজিলে সতী
কোনে লিখিছিল ধৰ্মপুথি
নাৰীক কৰি অৱলা সতী
তই নহৱ সতী
বীৰাংগানা হে মহীয়সী জয়মতী ৷

লাইথেপেনাৰ তই জীয়ৰী
গদাধৰৰ জীৱন লগৰী
লাই-লেচাইক বুকুত সাৱটি
ৰাখিলি নিজৰ দেশ- জাতি
ৰাঙলি কৰিলি
জেৰেঙাৰ মাটি
তথাপি সজাব খোজে
কোনে তোক মহাসতী,
বীৰাংগনা তই মহীয়সী জয়মতী ৷

আজি বুৰঞ্জী আমি
আকৌ লিখিম
জয়মতী তোক
তেজেৰে আঁকিম
ৰাখি গ'লি দেশৰে মান
বীৰাংগনা তোক দিওঁ সন্মান ৷

বঙহৰ দেওৰ বাবে
তই দিছিলি জানো প্ৰাণ
নাছিল জানো তাত
স্বজাতিৰ সন্মান?
চুড়াত দাগেৰে লিখা ৰ'ল
ইতিহাস
কাঁইটিয়া কোটকোৰাৰ
জোঙাল হুলত
ওঠৰ দিনৰ নিৰ্যাতনক
কোন পুৰুষ সমাজে কৰে
উপহাস? ?

তই নহৱ সতী জয়মতী
তই তেজে লিখা
বিপ্লৱৰ ইতিহাস
তই বীৰাংগনা
তই মহীয়সী
ৰাখি গ'লি
দেশ জাতি
বীৰাংগনা জয়মতী
জনাও প্ৰণাম হিঁয়াৰ

বিনয় 28/12/2016

Binay Tamuli Phukan at 10:07

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?