হেৰাই যাম



হেৰাই যাম


হেৰাই যোৱাৰ বাসনা এটাই
সুহুৰীয়াই মাতিছে মোক
নুশুনা বাঁহী এটাৰ
সুৰৰ আঁত বিচাৰি
গুচি যাম চাগে ৰ'দৰ দেশলৈ
জোনাক হৈ সৰিম
নিয়ৰ হৈ ওমলিম তোৰ
চকুৰ পতাত
 --বিনয় ২১ ডিচেম্বৰ ২০১৬
********

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান