সাহিত্য সভা
সাহিত্য সভা "সুন্দৰ উজ্বল কহিনুৰ পিন্ধি জগত সভালৈ " নিয়াৰ সপোন আছিল পদ্মনাথ , শৰৎচন্দ্ৰৰ চিৰ চেনেহী ভাষাজননীক পূজাৰ মন্ত্ৰ আওঁৰাইছিল পদ্মনাথ,চন্দ্ৰধৰ, কালিৰাম, হেমচন্দ্ৰ, অমৃতভূষণ,কনকলাল, লক্ষ্মীনাথ ৰজনীকান্তৰ দৰে বহু জনৰ আত্মাই ৷ পাতিছিল সভা সাহিত্যৰ বন্দনাৰ বাবে ৷ হৈছিল জানো টনা আঁজোৰা ক্ষমতাৰ বাবে? সাহিত্যৰ বাবে সভা নে ক্ষমতাৰ বাবে সভা ? লাগে ভোট নালাগে সাহিত্য কৰ্ম ধনেই যেন প্ৰধান ধৰ্ম ডনেশ্যন, কালেক্টশ্যন তোষামোদ আৰু ব্যক্তিকেন্দ্ৰিক উৎকৰ্ষ সাধনৰ নাম সাহিত্য সভা মেলামুখী এখন বজাৰৰ নাম সাহিত্য সভা ৷ পপ'কৰ্ণ, ফুচকা, বেলুন খাদ্যমেলাৰ ভুৰিভোজন আৰু সন্তুষ্টিৰ ওগাৰৰ নাম সাহিত্য সভা ৷ যদি পতাব পাৰা কৰ্ম-কৰ্তা মাতিব পাৰা অকবিতা পাব পাৰা বঁটা বাহন পঢ়িব পাৰা অসমীয়া গল্প ইংৰাজী বৰ্ণমালাত লিখা ৷ সাহিত্য ৰথীয়ে চিঞৰক "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মংগল মন্দিৰৰ দুৱাৰ হৈছে মাতৃভাষা ৷" সমস্বৰে গাওক "বাজক ডবা বাজক শংখ, বাজক মৃদং খোল…" সভা হওক সাহিত্যৰ বাবে চিৰচেনেহী ভাষা জননীৰ আৰাধনাৰ বাবে জগত সভালৈ যোৱাৰ শোভাযা