সাহিত্য সভা

সাহিত্য সভা

"সুন্দৰ উজ্বল কহিনুৰ পিন্ধি
জগত সভালৈ " নিয়াৰ সপোন আছিল
পদ্মনাথ , শৰৎচন্দ্ৰৰ
চিৰ চেনেহী ভাষাজননীক
পূজাৰ মন্ত্ৰ আওঁৰাইছিল
পদ্মনাথ,চন্দ্ৰধৰ,
কালিৰাম, হেমচন্দ্ৰ,
অমৃতভূষণ,কনকলাল, লক্ষ্মীনাথ
ৰজনীকান্তৰ দৰে বহু জনৰ আত্মাই ৷

পাতিছিল সভা
সাহিত্যৰ বন্দনাৰ বাবে ৷
হৈছিল জানো টনা আঁজোৰা ক্ষমতাৰ বাবে?
সাহিত্যৰ বাবে সভা নে
ক্ষমতাৰ বাবে সভা ?
লাগে ভোট নালাগে
সাহিত্য কৰ্ম
ধনেই যেন প্ৰধান ধৰ্ম
ডনেশ্যন, কালেক্টশ্যন
তোষামোদ আৰু
ব্যক্তিকেন্দ্ৰিক উৎকৰ্ষ সাধনৰ নাম সাহিত্য সভা
মেলামুখী এখন বজাৰৰ নাম
সাহিত্য সভা ৷

পপ'কৰ্ণ, ফুচকা, বেলুন
খাদ্যমেলাৰ ভুৰিভোজন
আৰু সন্তুষ্টিৰ ওগাৰৰ নাম
সাহিত্য সভা ৷

যদি পতাব পাৰা
কৰ্ম-কৰ্তা
মাতিব পাৰা অকবিতা
পাব পাৰা বঁটা বাহন
পঢ়িব পাৰা অসমীয়া গল্প
ইংৰাজী বৰ্ণমালাত লিখা ৷

সাহিত্য ৰথীয়ে চিঞৰক
"স্বদেশ আৰু স্বজাতিৰ
উন্নতি আৰু মংগল মন্দিৰৰ দুৱাৰ হৈছে মাতৃভাষা ৷"
সমস্বৰে গাওক
"বাজক ডবা বাজক শংখ, বাজক মৃদং খোল…"

সভা হওক সাহিত্যৰ বাবে
চিৰচেনেহী ভাষা জননীৰ
 আৰাধনাৰ বাবে
জগত সভালৈ যোৱাৰ
শোভাযাত্ৰা এটাৰ নাম হওক সাহিত্য সভা ৷৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)