প্ৰসংগ অসমীয়া দৈনিক বাতৰি কাককত


সংকোচিত হৈছে নেকি অসমীয়া দৈনিক বাতৰি কাকতৰ পৰিসৰ???

শিৰোনামাটো দেখি আপুনি হয়তু ভাবিছে - কি কয় এইজনে? হয় জানো কথাটো??
অসমীয়া দৈনিক বাতৰি কাকত বোৰচোন ইখনৰ পাছত সিখন প্ৰকাশ হৈছে ৷ বহু কেইখনৰ "চাৰ্কোলেচন"ও ভাল ৷ কিন্তু??
কথাটো তাতেই ৷ অসমত যি কেইখন বাতৰি কাকতৰ দৈনিক বিক্ৰী ভাল মানে কাকতৰ ভাষাত "চাৰ্কোলেচন" ভাল সেই কেইখন বাতৰি কাকতে অসমৰ বিভিন্ন ঠাইত পৃথক পৃথক সংস্কৰণৰ দিহা কৰিছে ৷ কাৰণ সকলোকে পুৱাৰ চাহ কাপৰ লগত বাতৰি লাগে ৷ যিটো গুৱাহাটীত প্ৰিন্টাৰ এটা বহাই কৰাতো অসম্ভৱ ৷ গতিকে সুবিধাজনক ঠাইত ছপাশাল বহুৱাই পুৱাতেই যাতে কাকত খন যোগান দিব পাৰে তাৰ বাবে এই ব্যৱস্থা ৷ নহ'লে দুপৰীয়া গুৱাহাটীৰ পৰা আহি পোৱা দৈনিক কাকত খন কোনো অঞ্চলত বুৰঞ্জী হৈ যায় গৈ ৷
     এইখিনি লৈকে ঠিকেই আছিল ৷ কিন্তু সংস্কৰণ ধৰ্মী হোৱাৰ লগে লগে যেন কাকতবোৰ সংকোচিত হৈ হে আহিবলৈ ধৰিছে ৷ একেখন কাকতৰে বিভিন্ন সংস্কৰণৰ বাতৰিও ভিন্ন ভিন্ন হ'বলৈ ধৰিলে ৷ ৰাইজৰ স্বাৰ্থলৈ পিঠি দি কাকত বোৰে যি ঠাইৰ পৰা সংস্কৰণটো প্ৰকাশ পায় সেই অঞ্চলৰ বাতৰি সমূহক অগ্ৰাধিকাৰ দি কাকত সমূহক আঞ্চলিক ৰূপ এটালৈ লৈ গ'ল ৷ যাৰ ফলত অসমৰ এটা মূৰৰ খবৰ আন এটা মূৰৰ লোকে পঢ়িবলৈ নোপোৱা হ'ল ৷ ইফালে ইন্টাৰনেট সংস্কৰণটো আকৌ কোনোটো সংস্কৰণৰ লগতে নিমিলা হ'ল ৷ আঞ্চলিক সমস্যাবোৰ অঞ্চলতে সীমাবদ্ধ হ'বলৈ ল'লে ৷
     মানি লৈছো ৷ কিছুমান অঞ্চলৰ গাওঁ ভিত্তিক খবৰবোৰ সদৌ অসমৰ ৰাইজে নাজানিলেও চলে ৷ কিন্তু কাকত বোৰে অধিক বাতৰি প্ৰকাশ কৰি  চাৰ্কুলেচনৰ স্বাৰ্থত দিচপুৰে জানিব লগিয়া, সদৌ অসমৰ ৰাইজে জানিবলগিয়া বাতৰি কিছুমানো আঞ্চল ভিত্তি কৰি পেলাবলৈ ল'লে ৷ যাৰ ফলত দৈনিক বাতৰি কাকতবোৰ যেন অঞ্চল ভিত্তিক "লিফলেট"লৈ হে পৰিবৰ্তন হ'ল ৷
     অসম খনক স্বায়ত্ব শাসনেৰে সৰু সৰু ৰাজ্যলৈ পৰিবৰ্তন কৰি পেলোৱাৰ দৰে
দৈনিক বাতৰি কাকত বোৰেও সংস্কৰণমুখী তথা চাৰ্কোলেচনমুখী প্ৰৱণতাই পঢ়ুৱৈ সমাজক আঞ্চলিক ভিত্তিত ভাগ কৰি পেলালে ৷
    ইয়াৰ বিপৰীতে ইলেক্ট্ৰনিক সংবাদ মাধ্যম সমূহ গোলকীয় ৷ কাৰণ পৃথিৱীৰ যিকোনো এঠাইৰ দৰ্শকে এই মাধ্যমৰ যোগেদি একে সংবাদ লাভ কৰিব পাৰে ৷
     সেয়েহে প্ৰশ্ন উদয় হৈছে সংস্কৰণমুখীতাই অসমীয়া বাতৰি কাকত সমূহক সংকোচিত কৰি অনা নাইতু???

( একান্ত ব্যক্তিগত অনুভৱ)

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?