আত্মশ্লাঘা (কবিতা)
ৰিং মাৰি গুছি গ'ল ৰংপুৰৰ গৰখীয়া কোনোবা এটা হেঙুল আবেলি তেতিয়াৰে পৰা জীৱনৰ অংকত খেলি মেলি। গোধূলি উৰুৱাই গুছি যোৱা কপিলী গাই জনীৰ দামুৰীটোৱে দেও দি জাক হেৰুৱাই তাইৰ হেম্বেলনিৰ আত্ৰানিয়ে গগন কঁপাই জীৱনে এনেকৈয়ে বগুৱাবাই অতীত হেৰুৱাই বৰ্তমান ত্ৰষ্টমান হয় আৰু ভবিষ্যৎ.... আত্মহত্যাৰ দূৰ্বাৰ বাসনা এটা উজাই আহি লেটেকু গছৰ ডালত ওলমি ৰয় সময়বোৰ ক্ৰমশঃ দূঃসময় হয়। তথাপিও জীৱন জী থাকে মৃত্যুমুখী মাতৃ কেকোঁৰাৰ দৰে সময়ে বুকু খান্দি খান্দি খায়। বলুকাত পৰি ৰয় মঙহ বিহীন খোলা মই ভাও দিব নাজানিলো পিন্ধি সময়ৰ বিলাসী চোলা মাথো আত্মশ্লাঘাৰ সূতলাহীত ক্ৰমশঃ পাকঘূৰণি খাই আহে আত্মাৰ মূগালেটাৰ পোছাকী খোলা।
Comments
Post a Comment