Bhintir Beya ভন্টীৰ বিয়া



ভন্টীৰ বিয়া 

দৰা আহিল
দৰা আহিল
হৈ চৈ লাগিছে গোটেইখন
আয়তি জাক ৰৈ আছ পদুলি মুখত
ৰৈ আছে মা
দৈয়ন দিবলৈ

জাঁত জাঁত বিয়ানাম
আৰু বেণ্ডপাৰ্টিৰ কৰুণ সুৰবোৰে
গধুৰ কৰি আনিছে মোৰ উশাহ ৷

কোনোবাই চিঞৰিছে
ক'ত কইনাৰ ককায়েক
দৰাক নিব লাগে দাঙি ৰভাৰ তললৈ …

উচুপিছো অ' ভন্টী
কোনেও নেদেখাকৈ
আজি যে তোৰ বিয়া ৷

একে লগে উজাই আহিছে
উচাহ আৰু বিষাদ ৷
ভন্টী,
সোঁৱৰণী বোৰ চকুপানী হৈ নামিছে চোন
নাকান্দো বুলিও কান্দিছো মই
তই যে যাবি গৈ আজি
সেই কাৰণে
পুৰণি ডায়েৰীৰ দৰে
লুটিয়াইছো সোঁৱৰণিৰ প্ৰতিখিলা পাত ৷

য'ত লিখা আছে তোৰ শৈশৱৰ
থুনুক থানাক মাত আৰু
থুপুক থাপাক খোজৰ পদ চিহ্ন ৷
লিখা আছে য'ত কৈশোৰৰ কাজিয়া বোৰ
পঢ়াৰ টেবুলত তই টোপনিয়াওঁতে
দেউতাক লগাই যে ধমকি খুৱাইছিলো
তই ওফন পাতি নামাতিছিলি মোক
তোৰ মাত উলিয়াবলৈ যথেষ্ঠ
আছিল বাৰীৰ এটা বগৰী
অথবা দোকানৰ এটা লুজেন্স ৷

তই ডাঙৰ হৈ আহিছিলি ক্ৰমান্বয়ে
ধোব পৰা হৈছিলি মোৰ কামিজ
ব'ব পৰা হৈছিলি তাঁত
সপোনৰ ফুল তুলিছিলি  ৰুমালত
প্ৰতিটো শীতত মই বাট চাইছিলো
তোৰ হাতৰ মৰমৰ উম থকা
চুৱেটাৰটোৰ বাবে ৷

মোৰ জেপ লুৰুকি তই
কতবাৰ খাইছিলি কাণচেঁপা
দুষ্ট হাঁহি মাৰিছিলি
যেতিয়া মোৰ জেপত ওলাইছিল
প্ৰেমৰ চিঠি
কিন্তু নকৈছিলি দেউতাক
তই হৈ উঠিছিলি গহীন অভিভাৱক
আৰু শাসন কৰিছিলি মোক -

"দাদা তোৰ ছোৱালী মই চাম
বাদ দে তোৰ উতনুৱা প্ৰেম ৷"

ভন্টী,
আজি তোৰ বিয়া ৷
পৰিপাটি বিচনা
পৰিস্কাৰ মজিয়া
আৰু আলনাৰ কাপোৰ বোৰ চাই
মই উচুপি উঠিছো অ'
আজিৰ পৰা যে নাপাব ইহঁতে তোৰ
হাতৰ চিজিল পৰশ

বিষাদ আৰু উচাহবোৰ
একে লগে উজাই আহিছে অ' ভন্টী
তোৰ বিয়া বুলি আজি দুমাহে
বাঢ়িছিল মোৰ উচাহ
বিয়াৰ চিঠি, নিমন্ত্ৰণ, কাৰিকৰ, টেন্ট হাউচ
শুৱালকুছী, সোণৰ গহনা
দৰাৰ সাজ
আৰু মোৰ প্ৰেয়সীৰ আগমনি
সকলো মিলি উতলা হৈ আছিলো অ'

দেখিছিলো তোৰ ভবিষ্যতৰ সপোন
উৰুলী এজোঁলোকাৰ মাজেৰে
হোমাগ্নিৰ ধোঁৱাৰ আঁৰেৰে
তই গঢ়িবিগৈ নতুন জীৱন ৷
তহঁত হালক দিম বুকুভৰাই আশীষ
কুশলে থাকিবি বুলি ৷
কেমেৰাৰ অাগত প'জ দিছিলো
স্মৃতিবোৰ ধৰি ৰখাৰ হেঁপাহত
হাঁহিছিলো যদিও বুকুৰ বাওঁ ফালে
অনুভৱ কৰিছিলো এটা বিষ
শূণ্যতাৰ
নিজকে ফাঁকি দিছো অ' ভন্টী
ভাও দিছো  সুখী হোৱাৰ ৷

আচলতে মই উচুপি উঠিছো
ভিতৰি ভিতৰি
তোক হেৰুৱাৰ বেদনাত ৷

তই যে যাবিগৈ
সেই বাবেই চাগে আজি ফুট গধুলিতে
নিতাল মাৰি শুলে পদুলীৰ বকুল
আমাৰ শৈৱৰ ধেমালী আৰু খৰিয়াল বোৰ
উচুপনি আৰু নিচুকনিৰ
সাক্ষী এই বকুল জোপাৰ তলত বহি
মই কান্দি আছো অ' ভন্টী

হৈ চৈ লাগিছে
কইনাৰ ককায়েক ক'ত

মোক আৰু অকণমান কান্দিবলৈ দে অ' ভন্টী
চকুপানী বোৰ শুকাবলৈ দে
কাৰণত কান্দোনটো চেঁপি ধৰি
মই যে আশীৰ্বাদ দিব লাগিব তহঁতক

" কুশলে থাকিবি বুলি ৷"

( ভাতৃ সুদীপ্ত শৰ্মাভৰালীৰ ভন্টীৰ বিয়া উপলক্ষে৷)

Comments

Post a Comment

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?