তোৰ শুভ বিবাহৰ দিনা, কবিতা



তোৰ শুভবিবাহৰ দিনা 

এপাহ গোলাপ অথবা
এটা কেটবেৰিজৰ চকলেট
নাছিল অ' আমাৰ ভালপোৱা ৷
ৰেষ্টুৰেন্টৰ
ক'ল্ড ক'ফিৰ  কাপত
লিপষ্টিকৰ ডাগৰ ওপৰত
দিয়া চুমুকটোৰ নাম নাছিল আমাৰ  ভালপোৱা??
ভালপোৱা মানে নাছিল
দীঘলী পুখুৰীৰ পাৰৰ ছাতিৰ আঁৰৰ
শৰীৰৰ খেল ৷
নাইবা
ৱাটচএপৰ মেজেজ মেজেজ,
ইনক্সৰ অশালীন বাৰ্তা নাছিল
আমাৰ প্ৰেম ৷

বৰ প্ৰচীন এই হৃদয় ৷
নৈৰ ঘাটৰ ৰিঙিয়নী
আৰু পঁকা ধানীৰ নৰাৰ দৰে প্ৰাচীন
আছিল অ' আমাৰ ভালপোৱা ৷
বিহুতলিৰ নাচোন আৰু মোৰ
ঢুলীয়া দেহৰ ঘামৰ দৰে
সতেজ আছিল অ'
আমাৰ ভাল পোৱা ৷

তই বুকুত ৰিহা নৌ ল'বৰ দিনৰে পৰা
মোৰ বুকুত নৰা পেঁপা এটা হৈ
বাজি আজিছিলি তই ৷
স্কুলৰ বাটত বৰষুণীয়া দিনৰ
একেটা ছাতিৰ তলৰ
সহযাত্ৰী আছিলি তই ৷

মোৰ বুকুত বাঢ়ি আহিছিলি প্ৰেমৰ
জালি কোমোৰাটো
প্ৰতি দিনে সৰিয়হ ফুলীয়া
সপোন এটা হৈ ৷

গোপনে গোপনে মই হৈ উঠিছিলো
তোৰ দূৰ্দান্ত প্ৰেমিক ৷
তোৰ গালৰ পকা শালমইনাটো
চেঁপি দিবখোজিও ৰৈ গৈছিলো মই ৷
কোৱা নাছিলো তোক ভাল পাওঁ বুলি ৷

তয়ো কোৱা নাছিলি
কিন্তু পাগলৰ দৰে ভাল পাইছিলি মোক
দাৱনী পথাৰৰ ৰবাৱ টেঙাৰ ভাগটো লৈ
তই বাট চাইছিলি মোলৈ
মই নৈৰ ঘাট নোপোৱালৈকে
নভৰিছিল তোৰ হেঁপাহৰ কলহ ৷
মোৰ বুকুৰ জালিকোমোৰাটো
এদিন এদিন কৈ জিলিকি উঠিছিল
তোৰ প্ৰেমৰ জোনাকী চালত ৷

হঠাৎ জানো ক'ৰ পৰা আহি
বাউল ধুমুহা জাকে সৰুৱাই পেলালে
পঁকা কঠাল এটাৰ দৰে
আমাৰ সপোন ৷
ফাটি চিটি চিটিকি পৰিব খোজিছে অ'
কলিজাৰ ৰং

তোক হেনো বিয়া দিবলৈ ওলাইছে
পিতায়েৰাই?
চহৰৰ চহকী দৰাৰ স'তে
তই পাতিবলৈ ওলাইছ
সোণৰ সংসাৰ?
তই মত দিছ বিয়াত?

কোন স'তে অ'
কোন স'তে?
মোৰ জীভাত চোন এতিয়াও লাগি আছে
তোৰ ঘামত তিতা ওঁঠৰ
লুণীয়া  সোৱাদ ৷

আজি তোৰ বিয়া ৷

পানীতোলা চেৱটো বজাবলৈ ঢোলত ,
মাতি আনিছে মোক পিতায়েৰে ৷
তই বাৰু পিতায়েৰক
কিয় নক'লি মোৰ কথা ?
ক'বতো পাৰিলি হেতেন আয়েৰক
দূৰৈলৈ নিদিবি মোক ৷

আয়তীৰ বিয়ানাম
দৰাঘৰীয়া জোৰোণ
আৰু উৰণীৰ আঁৰটো মই চকুমুদি দেখি আছো
তোৰ কলাফুলৰ তিল ৷

কোন স'তে গুছি যাবিগৈ
লগত লৈ নৰা পেঁপাৰ প্ৰাচীন সুৰ
আৰু ৰবাৱ টেঙাৰ সোৱাদ?

মই কান্দোনটো কোনোমতে
চেঁপি ধৰি দৌৰিছো নৈৰ ঘাটলৈ
কান্ধত ওলমি আছে ওজাঢোল
ঢোলটো ডিঙিত বান্ধি মই জাঁপ দিম
বিষাদৰ নৈত
"মাংসনো গেলি যাব, হাড়েনো পচি যাব
মাছেনো খুঁটি খুঁটি খাব ৷৷"

ভাবিছো অ'
বলিয়া ঢলে পথাৰত
নেপেলোৱা হ'লে বালি
নমৰা হ'লে গৰু হাল চবকাত
পিতাইৰ শ্ৰাদ্ধৰ বাবে
বন্ধকিত দিব নলগা হ'লে মাটি
ৰাখি থ'লো হেতেন তোক ৷

বিয়া ঘৰৰ পৰা ভাঁহি আহিছে
উৰুলী আৰু আশীৰ্বাদবোৰ

মই ৰৈ গ'লো অ'
মৰিব নোঁৱাৰো মই ৷
তোৰ বাবে
অঁ তোৰ বাবে ৷

মই নবজালে পানীতোলা চাপৰ
কেনেকে তুলিব পানী
নোৱাব তোক আয়তি জাকে?

তোৰ বিয়াখন মই ভাঙিব নোঁৱাৰো অ'
কাৰণ
মইতোক ভাল পাওঁ
কেৱল ভালপাওঁ
বেয়াবা নাজানিলো অ'
তোক কোনো দিন ৷

চা মই ওভটি আহিছো মই ৷
বজাইছো ওজাঢোলত
পানীতোলা চাপৰ ৷
আৰু মোৰ বুকুত??
হো-হোৱাই নামিছে বিষাদৰ ঢল ৷
ঢোলৰ চাপৰটোৱে কৈ গৈছে
তোৰ কুশল হওক
তোৰ কুশল হওক ৷

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?