মুকলি চিঠি'

মই যদি জানিলো হেতেন
অৰণ্যৰ সিপাৰৰ ঠিকনা
অথবা সূৰ্য সন্ধানী জনৰ
দূৰভাষ নম্বৰ
নিলিখিলো হেতেন মুকলি চিঠি

জানিলো হেতেন যদি সঠিক ঠিকনা তেওঁৰ
গুছি গ'লো হেতেন
আৰু ক'লো হেতেন
ককাই কাৰ বাবে স্বাধীনতা?
আই ভাল পাওঁ
মাতৃ ভাষা ভাল পাওঁ
আপোন সংস্কৃতি ভালপাওঁ ৷

তথাপিও টেঁটু চেঁপি ধৰিব খোজে সিহঁতে ৷
সজোৱা হয় ৰাষ্ট্ৰদ্ৰোহী
শিৰ নত কৰি আমি স্বীকাৰ কৰিব লাগে
আইৰ বালাৎকাৰৰ আৰ্তনাদ
ককাই কাৰ বাবে স্বাধীনতা অ'??

তোৰ ঠিকনা অথবা ফোন নম্বৰ
থকা হ'লে নিলিখিলো হেতেন
মুকলি চিঠি ৷
মই মাথো লিখিছিলো
জাতিৰ মেৰুদণ্ড সংস্কৃতিক
কি দৰে বলাৎকাৰ কৰিব খোজে সিহঁতে
খোজা নাছিলো মৰনাস্ত্ৰ
দেশ গ'ল গ'ল বুলি চিঞৰিছিলো মাথো

লগে লগে সিহঁতৰ ডায়েৰীত লিখা হ'ল মোৰ নাম
সজোৱা হ'ল ৰাষ্ট্ৰদ্ৰোহী ৷

বণিয়াৰ আঙুলিৰ থাৰত নচা
শাসন নামৰ যন্ত্ৰটোত
পৰীক্ষা কৰা হ'ল মোক
আছে বা মোৰ কঁকালত ওলমি
তই দিয়া মৰণাস্ত্ৰ ৷

ককাই তোক দেখিছো কেৱল
কাকতৰ ছবিত
টি ভিৰ পৰ্দাত
শুনিছো কেতিয়াবা
গগলগলীয়া কণ্ঠৰ
টেলিফোনিক  বিবৃতি
সৰু পৰ্দাত ৷৷

সেইবুলিয়েই  লিখা হ'ল মোৰ নাম
ৰাষ্ট্ৰদ্ৰোহীৰ তালিকাত ৷

কাৰণ ময়ো বিপ্লৱী সংস্কৃতিৰ
সাধক সুন্দৰৰ
অসুন্দৰৰ দৈত্যটোৱে
ভয় কৰে সংস্কৃতিৰ
তীব্ৰ পোহৰ
সেই বাবেই মোক চাগে
অন্ধকাৰ কাৰাগাৰলৈ নিক্ষেপৰ
কুচ কাৱাজ ৷
 
সংস্কৃতি যে জীয়াই থাকে
জনতাৰ বুকুত
নাশিব নোৱাৰে তাক
চক্ৰান্তৰ জালেৰে
দমনৰ জাল ফালি
ওলাবই এদিন সুন্দৰৰ
ৰঙাবেলি
দিগন্ত প্ৰসাৰী ৷

( ভাই হিমাংশুৰ হাতত)

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)