Posts

Image
সংবাদ সেৱীৰ_গীত সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… গণ তন্ত্ৰৰ প্ৰহৰী আমি জাগি থাকোঁ  ৰাতি দিন ৷ জনতাৰ বাতৰি বিলাওঁ নাই ভাগৰৰ চিন ৷৷ ৰ'দেই হওক বা বৰষুণ শিলাবৃষ্টি ধুমুহা ব্ৰজৰ গৰ্জনো হাৰ নামানো জনতা আমাৰ প্ৰেৰণা ৷৷ সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… গণতন্ত্ৰৰ মন্ত্ৰেৰে আমি শিক্ষিত, দিক্ষীত, অনুপ্ৰাণিত কলম-কেমেৰা আমাৰ সংগী বিলাওঁ সংবাদ অবিৰত ৷৷ ভেদাভেদৰ ঠাই আমাৰ মনত নাই আমি যে অতন্দ্ৰ প্ৰহৰী সততা আৰু নিৰ্ভিকতাৰে বিলাও আমি সত্য  নিষ্ঠ বাতৰি ৷৷ ৰাইজৰ জয়েই আমাৰ জয় জয় জনতা জনাৰ্দন ৰাইজৰ পক্ষতে থাকিম সদায় এয়াই আমাৰ পণ ৷৷ সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… সংবাদসেৱী বন্ধু সকললৈ সমৰ্পিত ৷৷ -বিনয়  ৰচনাকাল ১২ এপ্ৰিল ২০১৫

ধেৎ আমি তেৎ মাষ্টৰ

Image

সাহিত্য সভা

Image
সাহিত্য সভা "সুন্দৰ উজ্বল কহিনুৰ পিন্ধি জগত সভালৈ " নিয়াৰ সপোন আছিল পদ্মনাথ , শৰৎচন্দ্ৰৰ চিৰ চেনেহী ভাষাজননীক পূজাৰ মন্ত্ৰ আওঁৰাইছিল পদ্মনাথ,চন্দ্ৰধৰ, কালিৰাম, হেমচন্দ্ৰ, অমৃতভূষণ,কনকলাল, লক্ষ্মীনাথ ৰজনীকান্তৰ দৰে বহু জনৰ আত্মাই ৷ পাতিছিল সভা সাহিত্যৰ বন্দনাৰ বাবে ৷ হৈছিল জানো টনা আঁজোৰা ক্ষমতাৰ বাবে? সাহিত্যৰ বাবে সভা নে ক্ষমতাৰ বাবে সভা ? লাগে ভোট নালাগে সাহিত্য কৰ্ম ধনেই যেন প্ৰধান ধৰ্ম ডনেশ্যন, কালেক্টশ্যন তোষামোদ আৰু ব্যক্তিকেন্দ্ৰিক উৎকৰ্ষ সাধনৰ নাম সাহিত্য সভা মেলামুখী এখন বজাৰৰ নাম সাহিত্য সভা ৷ পপ'কৰ্ণ, ফুচকা, বেলুন খাদ্যমেলাৰ ভুৰিভোজন আৰু সন্তুষ্টিৰ ওগাৰৰ নাম সাহিত্য সভা ৷ যদি পতাব পাৰা কৰ্ম-কৰ্তা মাতিব পাৰা অকবিতা পাব পাৰা বঁটা বাহন পঢ়িব পাৰা অসমীয়া গল্প ইংৰাজী বৰ্ণমালাত লিখা ৷ সাহিত্য ৰথীয়ে চিঞৰক "স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মংগল মন্দিৰৰ দুৱাৰ হৈছে মাতৃভাষা ৷" সমস্বৰে গাওক "বাজক ডবা বাজক শংখ, বাজক মৃদং খোল…" সভা হওক সাহিত্যৰ বাবে চিৰচেনেহী ভাষা জননীৰ  আৰাধনাৰ বাবে জগত সভালৈ যোৱাৰ শোভাযা

তোৰ শুভ বিবাহৰ দিনা, কবিতা

Image
তোৰ শুভবিবাহৰ দিনা  এপাহ গোলাপ অথবা এটা কেটবেৰিজৰ চকলেট নাছিল অ' আমাৰ ভালপোৱা ৷ ৰেষ্টুৰেন্টৰ ক'ল্ড ক'ফিৰ  কাপত লিপষ্টিকৰ ডাগৰ ওপৰত দিয়া চুমুকটোৰ নাম নাছিল আমাৰ  ভালপোৱা?? ভালপোৱা মানে নাছিল দীঘলী পুখুৰীৰ পাৰৰ ছাতিৰ আঁৰৰ শৰীৰৰ খেল ৷ নাইবা ৱাটচএপৰ মেজেজ মেজেজ, ইনক্সৰ অশালীন বাৰ্তা নাছিল আমাৰ প্ৰেম ৷ বৰ প্ৰচীন এই হৃদয় ৷ নৈৰ ঘাটৰ ৰিঙিয়নী আৰু পঁকা ধানীৰ নৰাৰ দৰে প্ৰাচীন আছিল অ' আমাৰ ভালপোৱা ৷ বিহুতলিৰ নাচোন আৰু মোৰ ঢুলীয়া দেহৰ ঘামৰ দৰে সতেজ আছিল অ' আমাৰ ভাল পোৱা ৷ তই বুকুত ৰিহা নৌ ল'বৰ দিনৰে পৰা মোৰ বুকুত নৰা পেঁপা এটা হৈ বাজি আজিছিলি তই ৷ স্কুলৰ বাটত বৰষুণীয়া দিনৰ একেটা ছাতিৰ তলৰ সহযাত্ৰী আছিলি তই ৷ মোৰ বুকুত বাঢ়ি আহিছিলি প্ৰেমৰ জালি কোমোৰাটো প্ৰতি দিনে সৰিয়হ ফুলীয়া সপোন এটা হৈ ৷ গোপনে গোপনে মই হৈ উঠিছিলো তোৰ দূৰ্দান্ত প্ৰেমিক ৷ তোৰ গালৰ পকা শালমইনাটো চেঁপি দিবখোজিও ৰৈ গৈছিলো মই ৷ কোৱা নাছিলো তোক ভাল পাওঁ বুলি ৷ তয়ো কোৱা নাছিলি কিন্তু পাগলৰ দৰে ভাল পাইছিলি মোক দাৱনী পথাৰৰ ৰবাৱ টেঙাৰ ভাগটো লৈ তই বাট চাইছিলি মোলৈ ম

Bhintir Beya ভন্টীৰ বিয়া

Image
ভন্টীৰ বিয়া  দৰা আহিল দৰা আহিল হৈ চৈ লাগিছে গোটেইখন আয়তি জাক ৰৈ আছ পদুলি মুখত ৰৈ আছে মা দৈয়ন দিবলৈ জাঁত জাঁত বিয়ানাম আৰু বেণ্ডপাৰ্টিৰ কৰুণ সুৰবোৰে গধুৰ কৰি আনিছে মোৰ উশাহ ৷ কোনোবাই চিঞৰিছে ক'ত কইনাৰ ককায়েক দৰাক নিব লাগে দাঙি ৰভাৰ তললৈ … উচুপিছো অ' ভন্টী কোনেও নেদেখাকৈ আজি যে তোৰ বিয়া ৷ একে লগে উজাই আহিছে উচাহ আৰু বিষাদ ৷ ভন্টী, সোঁৱৰণী বোৰ চকুপানী হৈ নামিছে চোন নাকান্দো বুলিও কান্দিছো মই তই যে যাবি গৈ আজি সেই কাৰণে পুৰণি ডায়েৰীৰ দৰে লুটিয়াইছো সোঁৱৰণিৰ প্ৰতিখিলা পাত ৷ য'ত লিখা আছে তোৰ শৈশৱৰ থুনুক থানাক মাত আৰু থুপুক থাপাক খোজৰ পদ চিহ্ন ৷ লিখা আছে য'ত কৈশোৰৰ কাজিয়া বোৰ পঢ়াৰ টেবুলত তই টোপনিয়াওঁতে দেউতাক লগাই যে ধমকি খুৱাইছিলো তই ওফন পাতি নামাতিছিলি মোক তোৰ মাত উলিয়াবলৈ যথেষ্ঠ আছিল বাৰীৰ এটা বগৰী অথবা দোকানৰ এটা লুজেন্স ৷ তই ডাঙৰ হৈ আহিছিলি ক্ৰমান্বয়ে ধোব পৰা হৈছিলি মোৰ কামিজ ব'ব পৰা হৈছিলি তাঁত সপোনৰ ফুল তুলিছিলি  ৰুমালত প্ৰতিটো শীতত মই বাট চাইছিলো তোৰ হাতৰ মৰমৰ উম থকা চুৱেটাৰটোৰ বাবে ৷ মোৰ জেপ লুৰুকি তই কতবাৰ খা

ভন্টীৰ বিয়া, আবৃত্তি

Image

প্ৰসংগ অসমীয়া দৈনিক বাতৰি কাককত

Image
সংকোচিত হৈছে নেকি অসমীয়া দৈনিক বাতৰি কাকতৰ পৰিসৰ??? শিৰোনামাটো দেখি আপুনি হয়তু ভাবিছে - কি কয় এইজনে? হয় জানো কথাটো?? অসমীয়া দৈনিক বাতৰি কাকত বোৰচোন ইখনৰ পাছত সিখন প্ৰকাশ হৈছে ৷ বহু কেইখনৰ "চাৰ্কোলেচন"ও ভাল ৷ কিন্তু?? কথাটো তাতেই ৷ অসমত যি কেইখন বাতৰি কাকতৰ দৈনিক বিক্ৰী ভাল মানে কাকতৰ ভাষাত "চাৰ্কোলেচন" ভাল সেই কেইখন বাতৰি কাকতে অসমৰ বিভিন্ন ঠাইত পৃথক পৃথক সংস্কৰণৰ দিহা কৰিছে ৷ কাৰণ সকলোকে পুৱাৰ চাহ কাপৰ লগত বাতৰি লাগে ৷ যিটো গুৱাহাটীত প্ৰিন্টাৰ এটা বহাই কৰাতো অসম্ভৱ ৷ গতিকে সুবিধাজনক ঠাইত ছপাশাল বহুৱাই পুৱাতেই যাতে কাকত খন যোগান দিব পাৰে তাৰ বাবে এই ব্যৱস্থা ৷ নহ'লে দুপৰীয়া গুৱাহাটীৰ পৰা আহি পোৱা দৈনিক কাকত খন কোনো অঞ্চলত বুৰঞ্জী হৈ যায় গৈ ৷      এইখিনি লৈকে ঠিকেই আছিল ৷ কিন্তু সংস্কৰণ ধৰ্মী হোৱাৰ লগে লগে যেন কাকতবোৰ সংকোচিত হৈ হে আহিবলৈ ধৰিছে ৷ একেখন কাকতৰে বিভিন্ন সংস্কৰণৰ বাতৰিও ভিন্ন ভিন্ন হ'বলৈ ধৰিলে ৷ ৰাইজৰ স্বাৰ্থলৈ পিঠি দি কাকত বোৰে যি ঠাইৰ পৰা সংস্কৰণটো প্ৰকাশ পায় সেই অঞ্চলৰ বাতৰি সমূহক অগ্ৰাধিকাৰ দি কাকত সমূহক আঞ্চলিক ৰূপ এটালৈ লৈ গ'ল