HSLC ( হাইস্কুল শিক্ষান্ত)


হাইস্কুল শিক্ষান্ত:

বহুত সপোন,
অনেক  আশা
বগাব লাগিব সফলতাৰ
সোপান
ৰাখিব লাগিব নাম,
উঠিব লাগিব বাতৰি কাকত ফটো
টিভিত সাক্ষাৎকাৰ দিব লাগিব আমি
"আমাৰ সি বৰ চিন্সিয়েৰ আছিল…
পঢ়িছিল, টিউচন নাছিল…"

তাৰ বাবেই টোপনি খটি কৰিছো
যোৱাটো বছৰ
সলাইছো ইজনৰ পাচত সিজন
ঘৰুৱা মাষ্টৰ
হাত মেলি পোৱাতেই ৰাখি থৈছো
গাখীৰ বিস্কুট ………

দৌৰিছো আৰু দৌৰিছো
সৰহ নম্বৰৰ বলটোৰ পিছে পিছে
তই ৰাখিব লাগিব মান
পাব লাগিব স্থান ৷

কোনো দিন কোৱাই নহ'ল তোক
মানুহ হ ৷
সঁচা মানুহ ৷

কেৱল সপোন দেখিছো
ডাঙৰ মানুহ কৰাৰ
যাৰ মনবোৰ বৰ সৰু ৷
যিবোৰ গুছি যায়
বৃদ্ধ ম্মামি-পাপাক এৰি
অল্ড হ'মত
দৌৰি ফুৰে অৰ্থ আৰু নামৰ স্বাৰ্থত ৷
বিষয়া হয় উচ্চ খাপৰ
নাৰাখে সৰু মানুহৰ খবৰ

বোপাই অ'
ভাবিছো আজি
নালাগে দে ইমান খ্যাতি
নালাগে অ' নম্বৰৰ দৌৰ
নালাগে দে হ'ব বৰ মানুহ ৷

কেৱল মানুহ হ
সঁচা মানুহ ,
দহৰ বাবে
মানৱতাৰ বাবে
জনতাৰ বাবে
মানুহৰ বাবে ৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)