কাৰ বাবে কবিতা? শব্দৰ মহঙা দিনত কাৰ বাবে লিখিবি কবিতা ৷ কুশল বাৰ্তা বিনিময়ৰ বাবেও য'ত শব্দৰ দৈন্যতা ৷ শব্দ দৈন্যতাত মানুহ শব্দ দৈন্যতাত সমাজ শব্দ দৈন্যতাত পৃথিৱী ৷ আত্মকেন্দ্ৰিকতাৰ ইন্দ্ৰজালত বন্দী "আয়ৈ দেহী" বোলা এষাৰী সাদৰী মাত প্ৰসাৰিত সকলোৰে কেৱল উচ্চকাংক্ষাৰ হাত মকৰাৰ দৰে জাল গুঁঠি লালসাৰ বুকুত বাসনাৰ পোৱালী আৰু কুৰুকি কুৰুকি খাই শেষ কৰে বুকুৰ মঙহ কোন তোৰ বুকুৰ বঙহ বিলাসী গাড়ীৰ ধূলিয়ে পোতি থৈ যায় পদপথৰ ভিক্ষুকৰ দেহ মাজ নিশা টোকৰ পৰে কোনোবা আন্ধাৰ গলিৰ বিশেষ জুপুৰিৰ দুৱাৰত য'ত ভোকে হাৰ মানে কামনাই জয় কৰে শৰীৰ অৰ্থৰ বিনিময়ত ৷ অফিচৰ বিলাসী কোঠাৰ টেবুলে টেবুলে শতাংশৰ অংক চলে ৰজাই পাতে অংকৰ খেল বাহিৰত দূৰ্নীতি নিবাৰণৰ ফলক ওলমি ৰয় কোনোমতে সৰি নপৰা কৈ ৷ সকলোতে কমিচন ধন ঘটাই যেন জীৱনৰ "মিচন" পগলা ক'বি কি হ'ব লিখি প্ৰতিবাদী ৰামায়ণ ৷ শুনিছিলো - "দেশে দেশে দেশ আছে ৷" এই দেশত দলে পতি ভগৱান আছে ৷ কোনোবা যদি জাতিৰ পিতা কোনোবা আমদানিকৃত মাতা ৷ কোনোবাই দয়া কৰে দীনক পিছে জনতাই চটফটাই সহজাত ভোকত...
Popular posts from this blog
আত্মশ্লাঘা (কবিতা)
ৰিং মাৰি গুছি গ'ল ৰংপুৰৰ গৰখীয়া কোনোবা এটা হেঙুল আবেলি তেতিয়াৰে পৰা জীৱনৰ অংকত খেলি মেলি। গোধূলি উৰুৱাই গুছি যোৱা কপিলী গাই জনীৰ দামুৰীটোৱে দেও দি জাক হেৰুৱাই তাইৰ হেম্বেলনিৰ আত্ৰানিয়ে গগন কঁপাই জীৱনে এনেকৈয়ে বগুৱাবাই অতীত হেৰুৱাই বৰ্তমান ত্ৰষ্টমান হয় আৰু ভবিষ্যৎ.... আত্মহত্যাৰ দূৰ্বাৰ বাসনা এটা উজাই আহি লেটেকু গছৰ ডালত ওলমি ৰয় সময়বোৰ ক্ৰমশঃ দূঃসময় হয়। তথাপিও জীৱন জী থাকে মৃত্যুমুখী মাতৃ কেকোঁৰাৰ দৰে সময়ে বুকু খান্দি খান্দি খায়। বলুকাত পৰি ৰয় মঙহ বিহীন খোলা মই ভাও দিব নাজানিলো পিন্ধি সময়ৰ বিলাসী চোলা মাথো আত্মশ্লাঘাৰ সূতলাহীত ক্ৰমশঃ পাকঘূৰণি খাই আহে আত্মাৰ মূগালেটাৰ পোছাকী খোলা।
বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?
বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালি...











Comments
Post a Comment