Geet boor sekh hol niki ( গীতবোৰ শেষ হ'ল নেকি?)


গীতবোৰ শেষ হ'ল নেকি??

শেষ হ'ল নেকি সুৱদী সুৰীয়া গীতবোৰ ৷
শেষ হ'ল নেকি মাটিৰ চিনাকি গোন্ধ থকা,
শিপা থকা শালীন ভাষাবোৰ?
উদং হ'ল নেকি
চিৰ চেনেহী ভাষা জননীৰ মেটমৰা ভঁৰাল?
কিয় তেনে শব্দৰ ইমান আকাল?
যি বগা বঙালক খেদিবলৈ
ফাঁচী কাঠত উঠিল
কুশল, পিয়লি মনিৰাম…
সিহঁতৰ পৰা ধাৰ কৰা শব্দৰে
কোনে কোনে গায়
সংস্কৃতিৰ নামত বে-সুৰা গান
ৰাগীনি বিহীন টান??
অৰুণৰ উদয় কালত
জোনাকী যুগৰে পৰা বৈ অহা নদীখন কলুষিত কৰি
কোনে চিঞৰে "হেৰা হেৰা" বুলি? ?
কোনে কাপোৰ থেকেচা দি ধোৱে গান?
বদনে আনিছিল মান
ইহঁতে ডুবাব খোজে আইৰ সন্মান ৷

শব্দ ব্ৰহ্ম হেৰ'
শব্দ অনন্ত
গা চোন সুন্দৰৰ মন্ত্ৰ ৷
হ'ব নোৱাৰিলি বুলি খ্যাতিমন্ত
কিয় পাঠ কৰ কু-মন্ত্ৰ ?

গান হওক জীয়াই থকাৰ প্ৰেৰণা
কৰ হেৰ' সুন্দৰৰ সাধনা
বজ্ৰ কণ্ঠে গা জনতাৰ বাবে গান
জাগি উঠক সাংস্কৃতিক প্ৰাণ
প্ৰশ্ন নুঠক কোনো দিন-
গান বোৰ শেষ হ'ল নেকি?
শালীনতাবোৰ হেৰাই গ'ল নেকি?
নহ'লি নাই বিখ্যাত
অখ্যাত শ্ৰুতাক কৰি ব্যতিব্যস্ত
হ'ব নালাগে দে কুখ্যাত ৷

গান হওক জনতাৰ প্ৰেৰণা
গান হওক চিৰচেনেহীৰ বন্দনা
গান হওক স্বজাতিৰ আশা ৷
সেই গানৰ সুৰত
আকৌ এবাৰ চিঞৰি উঠক লক্ষ্মীনাথে -
"স্বদেশ আৰু স্বজাতিৰ
উন্নতি আৰু মংগল মন্দিৰৰ দুৱাৰ মাতৃ ভাষা ৷"

( সকলো সংস্কৃতিবানৰ পদ কমলত - বিনয় ২১ ফেব্ৰুৱাৰী ২০১৭)

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?