Wednesday, 1 February 2017

Xeujia xisa manuh ( সেউজীয়া সিঁচ মানুহ বোৰৰ দুখ)


সেউজীয়া সিঁচা মানুহবোৰৰ দুখ 

মোৰ প্ৰিয় ৰং সেউজীয়া
সেউজীয়াই যে জীৱন
যদি হে নহয় পথাৰ সেউজীয়া
ভোকাৰ্তৰ আৰ্তনাদেৰে ভৰি পৰিব পৃথিৱী
সেউজীয়া বোৰ শেষ হৈ গ'লে
হেৰাই যাব সকলো জীৱন ৷

কিন্তু মই দেখিছো
সেউজীয়া সিঁচি নিস্বঃ হোৱা এজাক মানুহ
ওপজাৰে পৰা সেউজীয়াৰ স'তে ওমলা
এইজাক মানুহে
সানিব নোৱাৰে সেউজীয়া জীৱনত

কেৱল সেউজীয়া সিঁচিবলৈ
বগা চাহাবে আনিছিল তেওঁলোকক
ভোকৰ জুই আৰু চাহাবী প্ৰৰোচানত
সেউজীয়া সিঁচিবলৈ আহিছিল সিহঁত

মাটি ভাঙি ৰুইছিল সেউজীয়া
কলম কটা,  পাত তোলা
শিৰিশৰ ছাঁত বহি এবাতি ফিকা চাহ
অথবা হাৰিয়াৰ ৰাগীত মাতাল নিশা
মাদলৰ স'তে সহবাস
পুৱাৰ চাইৰেণ
ৰ'দ-বৰষুণ
পঁচা চাউলৰ ৰেচন
জীৰ্ণ জুপুৰি
আৰু চৰ্দাৰৰ নিৰ্দেশত
সিহঁতে সানিব নোৱাৰে সেউজীয়া
জীৱনৰ কেনভাচত ৷

মাদল আৰু বাঁহীৰ সুৰীয়া ৰাতিত
চামেলিৰ সপোন ৰচিলেও
সজাব নোৱাৰে প্ৰজন্মক চাহাব ৷

শিকিবলৈ দিয়া নহয় সিহঁতক
সেউজীয়াৰ পাঠ ৷
যিদিনা তেওঁলোকে সানিব পাৰিব সেউজীয়া
জীৱন ছবিত
সেই দিনা যে শেষ হৈ যাব
চাহাবী সেউজীয়া

যদিও মোৰ প্ৰিয় ৰং সেউজীয়া
ভাল নালাগে মোৰ চাহ বাগিচা
এই সেউজীয়া সিঁচা মানুহবোৰৰ
বুকুত যে লুকাই থাকে প্ৰাচীন ৰং
আন্ধাৰৰ
দুখ আৰু বঞ্চনাৰ ৷৷

No comments:

Post a Comment