পুলিচলৈ মোৰ ভয় লাগে অ' মা

পুলিচলৈ ভয় লাগে অ' মা

অ' মা ভয় লাগে মোৰ পুলিচলৈ ৷
কোৱা শুনিছো তেওঁলোক হেনো আইনৰ ৰক্ষক ৷
শুনিছো বেয়া মানুহক ধৰি নিয়ে পুলিচে
পিটন দিয়ে গুৰুলা-গুৰুল
কয় বোলে তাক থাৰ্ড ডিগ্ৰী?
দেখিছো কেতিয়াবা টি ভিত
লাইন ট্ৰাকত টকা তোলা পুলিচ
দেউতাই যে হেলমেট নিপিন্ধকৈ যোৱাৰ দিনা
এশ টকা লৈ এৰি দিছিল পেটুৱা পুলিচটোৱে… ……

মা, আমিও নেকি দাগী অপৰাধী
আমিও ভাঙিছো নেকি আইন
আমাকো কৰিব নেকি ফাইন?
পৰীক্ষা গৃহলৈ যোৱাটো
অপৰাধ নেকি মা?
কিয় কৰিছে আমাক চেকিং
সন্ত্ৰাসবাদীৰ দৰে ?
ভয়ত মোৰ চকুপানী সৰে ৷

বৰুৱা খুড়া হঁতৰ যে মাজনী বা
চি বি এচ চিৰ পৰা দিব পৰীক্ষা
সিহঁতৰ তাত বোলে নাথাকিব
এনেকুৱা ব্যৱস্থা ৷
দোষ কাৰ মা?
আমাৰ নে এই পৰীক্ষা ব্যৱস্থাৰ?
মইতো অনা নাই নকল
দিনে নিশাই কষ্ট কৰি পঢ়িছিলো কেৱল
কিয় নাই বিশ্বাস আমাৰ ওপৰত?
ভাবিছে নেকি আমিও শিকিলো এতিয়াই
দূৰ্নীতিৰ আদিপাঠ?
নে শিকাব খুজিছে আমাক?

কি পঢ়ি আহিছিলো জানো
ভয়তে পাহৰি থাকিলো ভাই
পৰীক্ষা বেয়া হ'লে মোক হ'লে
নোদোষিবা অাই
পুলিচলৈ মোৰ বৰ ভয় লাগে অ' মা
আহাঁনা মোক ইহঁতৰ পৰা বচোৱা না ৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)