Fagun( ফাগুন কুঁহিপাতৰ সপোন এটাৰ নাম )

ফাগুন কুঁহিপাতৰ সপোন এটাৰ নাম 

হেজাৰ ফুলিলেও
পলাশ, শিমলু  ফাগুনত
বিলাব নোৱাৰে সুৰভী
বসন্তৰ জুটুলী খঁৰিকাজাইৰ দৰে ৷
জুই ফুলেৰে ৰাঙলী কৰিলেও আকাশ
প্ৰসাৰিত কৰি অহংকাৰী হাত ডাৱৰলৈ
জোপোহা তগৰৰ আমোলমোল
যে নাই তামৰঙী পলাশ
অথবা জুইৰঙী শিমলুত ৷

নাহে মৌ-পিয়া
আহে মাথো অনেক পতংগ
জাহ যাবলৈ অগ্নিকুণ্ডত
আহে পতংগভোজী
অলেখ চৰাই
নামাতে কুলিয়ে
শিমলুৰ অহংকাৰী ডালত বহি ৷

ফাগুনে নাসানে মায়া
শুকান ধূলিয়ে চানি ধৰা আকাশত
কেৱল জুই জ্বলে

সৰিপৰা পলাশ পাহিত
লিখা থাকে বিষাদৰ ঠিকনা

তথাপিও ফাগুন আপোন
ফাগুন মোৰ বুকুৰ বিহু ঢোলৰ
আগমনিৰ কৰাপাট
ফাগুন আহুধান পথাৰলৈ
সেউজীয়া অহাৰ বাট

ফাগুনে যে কঢ়িয়াই
কমোৱা শিমলু তুলাৰ
আলফুল নাচোন
ফাগুনে ধাৰণ কৰে জৰায়ুত
কুঁহিপাতৰ আগমনিৰ সপোন ৷

ফটোঃ নিভা গগৈৰ ৷৷

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান