প্ৰাচীন চহৰ

ইয়াৰ প্ৰতিটো লাইট পষ্ট
অথবা ডাষ্টবিন
 মোৰ পৰিচিত ৷
গলি অথবা বাইলেন
এভিনিউ অথবা এপাৰ্টমেন্ট
চিনাকি মোৰ ৷
চিনাকী প্ৰাচীন গছবোৰ ৷

চিনাকি মুখ
চিনাকি মানুহ ৷

চিনাকি মোৰ চহৰ খনৰ ছন্দ,
কাৰণ প্ৰতিখন চহৰেৰে থাকে
একোটা ছন্দ
যিদৰে থাকে জীৱনৰ
যি দৰে চলি থাকে
হৃদস্পন্দন ছন্দোবদ্ধভাৱে
ধপ…ধপ…
ধপ…ধপ…

মই পৰ্যৱেক্ষক এই প্ৰাচীন চহৰৰ
প্ৰাচীন গছবোৰৰ দৰে ৷

সলনি হৈছে চহৰ খনৰ ছন্দ
ক্ৰমান্বয়ে বাঢ়ি আহিছে অচিনাকি মুখ
অচিনাকি গলি
অচিনাকি এপাৰ্টমেন্ট ৷

ছন্দপৰিবৰ্তিত চহৰ খনৰ
ছন্দ নিমিলা হৈছে
হৃদস্পন্দনৰ স'তে ৷

মই সন্ধান কৰিছো এখন নতুন চহৰৰ
 নতুন  কিন্তু প্ৰাচীন চহৰৰ ৷৷
(ছবি সংগৃহিত)

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?