Jeyadhal,

-:জীয়াঢল:-



   - বিনয় ১২ জুলাই ২০১৬
আকাশত ডাৱৰবোৰ গোটখালেই
মোৰ পেটতে হাত ভৰি লুকাই
মেঘৰ গাজনীৰ তালে তালে
তোৰ উদ্দাম নৃত্যই ভাঙে
মোৰ সেউজীয়া সপোন ৷
সঁজাল ধৰা ভূঞে
দেদাউৰি পাৰে
ভদীয়াৰ নাঙলৰ ফালত
মামৰ উঠে
সেউতীৰ পাজিসেৰীয়া
আঙুলীৰ নখ বাঢ়ে ৷
তই মোৰ আখলত সোমাই
কি চাব খোজ অ জীয়াঢল ?
তই বাট এৰি গাঁৱলৈ আহিলেই
ভোকত কলমতিয়াই
গাঁৱৰ গঞাই
দেদাউৰী পাৰি ক'লৈ যাৱ
বলিয়া জীয়াঢল ?
এইবেলি খেতি সামৰি
মালতীক পদুলী গচকোৱাৰ কথা দিছিলো,
গঞাক বৰ গাহৰী মাৰি এসাজ খুউৱাৰ কথা দিছিলো
কিয় গুচি আহ মোৰ
সেউজীয়া সপোন ভাঙি থানবান কৰিবলে?
মালতীৰ উকা কঁপালৰ সেওঁতাৰ দৰে
মৰুভূমি সিঁচি মোৰ ভৰুণ পথাৰত
ৰং চাৱ কিয়?
জীয়াঢল তই বৈ থাকচোন
সেউজীয়া গান এটা হৈ
জীয়াই থকাৰ সপোন এটা হৈ
মালতীৰ কঁপালৰ দগমগিয়া
সেন্দুৰৰ ৰেঘা এডাল হৈ ৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)