এজন নতুন পুৰুষৰ মনৰ কথাৰে "মাঘৰ উৰুকা"ৰ অনুভৱ ৷

মাঘৰ উৰুকা ৷ সাত বজাতে ঘৰ সোমালোহি ৷ মাছ-মাংস, পাচলি, দুটামান গেঞ্জী ব্লাউজ জাতীয় কাপোৰৰ বজাৰৰ সৰু টোপোলা এটাৰ স'তে ৷ কুঁহি মানে আমাৰ ন বছৰীয়া ছোৱালী জনীৰ আবদাৰ ৷ চুবুৰীৰ সিহঁতৰ  সমনীয়া কেইটাৰ লগত কেইবাদিন ধৰি ভেলা ঘৰ সাজিছে, মেজি সাজিছে,  ভোজটো মই ৰান্ধি দিব লাগে ৷ মাকৰ ফোনটোৰ পৰা ফোনৰ উপৰি ফোন ৷ দেউতা কেতিয়া আহিবা? দেৰি হৈছে ৷ আহিলো ৷ মই আহি পাওঁ মানে সিহঁতৰ মাংসৰ ওতল আহিলেই ৷ ওচৰৰে মোৰ বাইদেউ সন্বন্ধীয় এগৰাকীকে লগাই দিলে ৷ মোলৈ  ৰ'লে দেৰি হৈ যাব সিহঁতৰ ৷ ভালেই পালো ৷ মই নিজৰ কামত ধৰিলো ৷ কাম আৰু কি? গান শুনা, ফেচবুক, ৱাটচএপ…৷
ফেচবুকৰ পৃষ্ঠা ভোগালীৰ ওলগ, ভেলাঘৰ, মেজি, মাছ, মঙহৰ ছবিৰে পূৰ্ণ ৷ কোনোবাই বজাৰৰ বৃহদাকাৰ মাছটো কিনি, কোনোবাই ব্যতিক্ৰমী ভেলা ঘৰ সাজি, কোনোবাই ভজা-পোৰা মাছ-মঙহৰ, কোনোবাই পিঠা-পনাৰ ফটোৰে ফেচবুক ওপচাই দিছে ৷ হঠাৎ চকু পৰিল এটা সৰু আপডেট- " অকলে অকলে নিজৰ কোঠাতে ৷" বুকুখন চিৰিংকৈ গ'ল ৷ এৰা ৷ ময়োচোন অকলে অকলে নিজৰ কোঠাতে? ? আজি মাঘৰ উৰুকাৰ দিনা কিয় মই নিজৰ কোঠাত অকলে? ইমান নিঃসংগনে মই?  সৰু কালৰ,  যৌৱনৰ উদণ্ড দিন বোৰলৈ মনত পৰিল ৷ এই সময়ত মই মেজিৰ তলত পোৰা মঙহ, মদিৰাৰ সোৱাদ লৈ থাকিব লাগিছিল ৷ লোকৰ জেওৰা-জপনা, হাঁহ-পাৰ চোৰ কৰিবলৈ যাব লাগিছিল ৷ কাৰোবাৰ চোতালত হাল বাই ৰং চাবলৈ যাব লাগিছিল ৷ ক'লৈ গ'ল সেই দিন!!?
   দেখিছো সবেই নিজৰ নিজৰ সন্তানৰ বাবে নিজাকৈ ঘৰতে একোটা মেজি সাজিছে, মহানগৰীত ধান খেৰৰ মেজি বিক্ৰী হৈছে ৷ উৰুকা কৃষি সামৰি ৰাইজে সামূহিক ভাৱে কৰা আনন্দ উৎসৱৰ পৰা
ব্যক্তিগত পৰবলৈ ৰূপান্তৰ হৈছে ৷ বজাৰৰ আটাইটকৈ ডাঙৰ মাছটো কিনিছে হ'য় ৷ কিন্তু নিজৰ বাবে ৷ ৰাইজ খনে দুটকা চান্দা উঠাই কিনি অনা হাঁহ জনীতকৈ এই মাছৰ মূল্য যেন বহুত কম ৷
  ফেচবুকত অকলে অকলে বুলি আপডেট দিয়া ,কৰ্মৰ তাগিদাত ঘৰ এৰি মহানগৰীত থকা মোৰ ভাইটো আৰু গাঁৱৰ মাজত থাকিও অকলশৰীয়া 'মই'টোক এবাৰ তুলনা কৰিছো ৷ সোমাই পৰিছো নেকি লেটাৰ দৰে আত্মকেন্দ্ৰিকতাৰ খোলাটোত ৷ বা শামুকৰ দৰে নিজকে লুকুৱাবলৈ যত্ন কৰিছো খোলাৰ মাজত???

১৩ জানুৱাৰী ১৭ উৰুকাৰ নিশা

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?