কাৰ বাবে কবিতা? শব্দৰ মহঙা দিনত কাৰ বাবে লিখিবি কবিতা ৷ কুশল বাৰ্তা বিনিময়ৰ বাবেও য'ত শব্দৰ দৈন্যতা ৷ শব্দ দৈন্যতাত মানুহ শব্দ দৈন্যতাত সমাজ শব্দ দৈন্যতাত পৃথিৱী ৷ আত্মকেন্দ্ৰিকতাৰ ইন্দ্ৰজালত বন্দী "আয়ৈ দেহী" বোলা এষাৰী সাদৰী মাত প্ৰসাৰিত সকলোৰে কেৱল উচ্চকাংক্ষাৰ হাত মকৰাৰ দৰে জাল গুঁঠি লালসাৰ বুকুত বাসনাৰ পোৱালী আৰু কুৰুকি কুৰুকি খাই শেষ কৰে বুকুৰ মঙহ কোন তোৰ বুকুৰ বঙহ বিলাসী গাড়ীৰ ধূলিয়ে পোতি থৈ যায় পদপথৰ ভিক্ষুকৰ দেহ মাজ নিশা টোকৰ পৰে কোনোবা আন্ধাৰ গলিৰ বিশেষ জুপুৰিৰ দুৱাৰত য'ত ভোকে হাৰ মানে কামনাই জয় কৰে শৰীৰ অৰ্থৰ বিনিময়ত ৷ অফিচৰ বিলাসী কোঠাৰ টেবুলে টেবুলে শতাংশৰ অংক চলে ৰজাই পাতে অংকৰ খেল বাহিৰত দূৰ্নীতি নিবাৰণৰ ফলক ওলমি ৰয় কোনোমতে সৰি নপৰা কৈ ৷ সকলোতে কমিচন ধন ঘটাই যেন জীৱনৰ "মিচন" পগলা ক'বি কি হ'ব লিখি প্ৰতিবাদী ৰামায়ণ ৷ শুনিছিলো - "দেশে দেশে দেশ আছে ৷" এই দেশত দলে পতি ভগৱান আছে ৷ কোনোবা যদি জাতিৰ পিতা কোনোবা আমদানিকৃত মাতা ৷ কোনোবাই দয়া কৰে দীনক পিছে জনতাই চটফটাই সহজাত ভোকত...
Popular posts from this blog
মই সোৱণশিৰিয়ে কৈছোঁ
Pradip Ranjan Dutta ই গোৱা "মই সোৱণশিৰিয়ে কৈছোঁ" গীতটোৰ কথাখিনি - মই সোৱণশিৰিয়ে কৈছোঁ। সোৱণশিৰি মই আছিলো নিৰৱে বৈ ৰোধিব পাৰিবি জানো মোৰেই শক্তিক তোৰ মূৰত নাচিব কাল সাপ ৰাইজ খন সাৱধানে থাক। গেৰুকামুখৰ বালিৰ পাহাৰ বান্ধ সাজি সৃষ্টি নকৰ হাহাঁকাৰ ভূমিকম্প প্ৰৱণ কঁপনি সঘন নামনিৰ সভ্যতা হ'ব চাৰখাৰ। বোলোঁ - ৰাইজখন সাৱধানে থাক মূৰত নাচিছে কাল সাপ। কেতিয়াবা শুনো সুৰংগ খহিছে কেতিয়াবা শুনো শ্ৰমিক মৰিছে জলবোমাৰ হ'ব বিষ্ফোৰণ নামনি বাসীৰ দুৰু দুৰু মন। বিশেষজ্ঞয়ো ক'লে - বিপদ নদী বান্ধ হ'লে পিছে কোনে শুনিলে, বুজিলে কোনে বৃহৎ নদীৰ বান্ধ মানেই সৰ্বনাশ জানিও নজনাৰ ভাও ধৰিলে কোনে? পিছে পানীয়ে চিনিব নো কাক? ৰাইজ খন কুশলে থাক মূৰত নাচিছে কাল সাপ। -বিনয় কৃষ্ণ তামুলী ফুকন -২৭ জুন২o২২ I am Subansiri I was flowing silently Can you stop my power? The snake of death will dance on your head Be careful, O the people The sand hills of Gerukamukh Don't build dams and create desperation Earthquake are freq...
Udar Axomiya ( উদাৰ অসমীয়া)
উদাৰ অসমীয়া: -বিনয় ৮ মাৰ্চ ২০১৭ অ-সম তুলনাবিহীন মোৰ দেশ অ-সমান ওখোৰা-মোখোৰা মোৰ দেশ নানা জাতি-বৰ্ণ- ধৰ্ম-ভাষা-দোৱানৰ সানমিহলি মোৰ দেশ তথাপিও সমান তথাপিও সকলোৰে বুকুত মৰমৰ টান জনাব জানে পৰস্পৰক সন্মান অ-তুলনীয়, অ-সম মোৰ অসম দেশ হ'ব পাৰে সকলোৰে ভিন ভিন বেশ তথাপিও সৰ্বজন সমানহঃ মোৰ দেশ উদাৰ চিতে সৱটি সকলো ম'চি সকলোৰে চকুলো যুগে যুগে গাই সম্প্ৰীতিৰ নামঘোষা, আজান,কেৰল, অইনিঃতম, বিহু, বাগৰুমবা, ঝুমইৰ… গাই একতাৰ বৃন্দগান বৈ আছে চিৰিলুইত চিৰ প্ৰৱাহমান ৷ আমি জানো কোন আপোন কোন পৰ আলহিকো এৰি দিওঁ নিজৰ ঘৰ ৷ অতিথি পৰায়ণ আমি নৰ আমাৰ নাৰায়ণ সেই বুলি খুৱাই দিব খোঁজোতে কামুৰিব খোজিলে আঙুলি আমিও জানো আমাৰো আছে কাণতলিয়াত দাঁত সৰুৱাব পৰা হাত ৷ অতিথি আৰু অঘৰী চিনি পাওঁ আমি মজিয়াত খাবলৈ দিলো বুলি ভঁৰাললৈ নেমেলিবি হাত ৷ জানো আমি কেতিয়া ল'ব লাগে চিটিপনি, মহ'ৰ টোকোন, হেংদান ৷ অসমীয়া এটা জাতিৰ নাম অসমীয়া এটা বৃন্দ গান কোনো ধৰ্মৰ নাম নহয় অসমীয়া উদাৰতা মানে নহয় সহনশীলতা কোমলতা-কঠোৰতা দুয়োটাই জানো আমি অঘৰীক বৰঘৰ এৰি নিজ...
Comments
Post a Comment