জীৱন নুপুৰ

বুকুৰ নিজাত শুই থকা নুপুৰযোৰ
তাই আকৌ বান্ধি ল'লে তাইৰ
চঞ্চল দুভৰিত
সানিলে জেতুকা
পাৱলী আঙুলিত
হেঁপাহৰ মাধৈমালতী
আৰু উচাহৰ হাস্নাহাৰ মালাৰে
সজালে নেঘেৰী খোপা
দাপোন চাই ফালি সেওঁতা
আঁকিলে কঁপালত কাম সেন্দুৰৰ ফোঁট

জীৱনৰ মেহফিলত নাচিব তাই
পাহৰি অপ্ৰাপ্তিৰ য'ত দুখ
দ্ৰুত লয়ত বাজি উঠিব
তবলা-পাখোৱাজ
ৰূদ্ৰ বীণা বজাব
কোনোবা ওস্তাদে
তাৰা স্বৰৰ সুৰ

তাইৰ দুভৰি কঁপাই নাচিব তাই
বাজিব নুপুৰ ৰুণজুন, ৰুণজুন ৷
ঘামত তিতা দেহাত তাইৰ
ফুটি উঠিব প্ৰাপ্তিৰ প্ৰশান্তি
হেৰুৱাই পেলাব নোপোৱাৰ
সমস্ত ক্লান্তি
জীৱনৰ মেহফিলত বজিব কেৱল
আশাৰ নুপুৰ
ৰুণজুন, ৰুণজুন ৷৷

Comments

Popular posts from this blog

আত্মশ্লাঘা (কবিতা)

গণতন্ত্ৰৰ গান