Thursday, 12 January 2017

পুৱতিৰ অনুভৱ ২:
চকু মেলিয়েই ৰাণা দা গীতৰ কলি এটি মনলৈ আহিছে ৷ গীতিকাৰ কোন আছিল জান‌ো ! হয়তু নিৰ্মল প্ৰভা বাইদেউ ৷

" জীয়াই থকাত আছে শিহৰণ
মৃত্যু মানেই শেষ
পুনৰ জনম আছে বা নাই
নাজানো সিখন দেশ ৷
………
অলপ হাঁহি, অলপ অশ্ৰু, অলপ নুবুজা ডাৱৰ ৷"
( এই পৃথিৱীৰ সেউজী দুৱৰী যাউতি যুগীয়া সাঁথৰ - গীতটো)

এৰা, মৃত্যুৰ সিপাৰে কি আছে তাকে লৈ মানুহৰ প্ৰাচীন উৎকণ্ঠা, সিপাৰৰ নেদেখা পৃথিৱীখনত শান্তিৰে থাকিবলৈ, স্বৰ্গ, বেহেস্ত, বৈকুণ্ঠ, হেভেন,… এইবোৰ কাল্পনিক স্থানত আত্মাই স্থান পাওক - তাৰ বাবেই ধৰ্মৰ সৃষ্টি ৷ পাপ - পুণ্যৰ ধাৰণা ৷ কি আছে সিপাৰৰ সেই নেদেখা ৰাজ্যত? কোনেও নাজানে ৷ মাথো মৃত্যু মানেই শেষ - এই কথা জানি হয়তু ভয়ত মৃত্যুৰ পাচৰ ৰাজ্য এখন কল্পনা কৰি নিজকে প্ৰবোধ দিয়ে মানুহে ৷ আছে জানো- স্বৰ্গ, বেহেস্ত, হেভেন??? নাই চাগে ৷ মাথো আছে জীৱন ৷ স্পন্দন থকালৈকে, মগজুটো চলি থকালৈকে, উশাহটো লৈ থকা লৈকে হে সত্য ৷ যি আছে ইপাৰে আছে, সিপাৰে আছে জানো কিবা?? জীয়াই থকাত  শিহৰণ আছে ৷
        কোনো প্ৰাণীয়েই মৰিব নিবিচাৰে ৷ প্ৰাণী বুলি ক'লে ভুল হ'ব ৷ জীৱই ৷ কাৰণ কাটি পেলোৱা গছ জোপাৰ মূঢ়াটোৰ পৰাও গজালী ওলাই ৷ এয়া জীয়াই থকাৰ হেঁপাহ ৷ যি আছে জীৱনতে আছে ৷ হাঁহি- কান্দোন, প্ৰেম-ঘৃণা, আলিংগন- শক্ৰতা,…… সকলো ৷ মৰণৰ সিপাৰে একো নাই ৷ এই যে অলপ হাঁহি, অলপ অশ্ৰু…  সৱ জীয়াই থাকোঁতেই ৷
পোৱা নোপোৱাৰ হিচাপ এই পাৰেই শেষ ৷
 বাকী খিনি " অলপ নুবুজা ডাৱৰ ৷"
জীৱন সঁচাকৈয়ে অনুপম ৷

No comments:

Post a Comment