মানুহ এটা দ্বীপ

"মানুহৰ বন্ধু আছে
খুব সঁচা
আছে পিতৃ আছে পৰিজন
আপোন দেহেৰে গঢ়া আছে তাৰ
উত্তৰ পুৰুষ
তথাপি সি একান্ত নিৰ্জন ৷" ( কবিৰ নাম মনলৈ অহা নাই)
এৰা নৱকান্ত বৰুৱা দেৱে ক'বৰ দৰে -
"মানুহ এটা দ্বীপ"
নতুবা জয়ন্ত হাজৰিকা ( ৰাণাদা)ৰ গীতৰ দৰে " জুমৰো মাজতো অকলশৰীয়া)
 কিছুদিনৰ পৰা এই ভাৱ বোৰ মনলৈ আহিবলৈ লৈছে ৷ চাৰিওফালে মানুহ, মা-দেউতা, পত্নী, জীয়ৰি, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন……
তথাপি মই যেন নিজৰ নিজানত অকলে ৷
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী চাৰৰ অমৰ উপন্যাস অনুৰাধাৰ দেশতো পঢ়িছিলো- " কিছুমান সত্য থাকে মানুহৰ,  যিবোৰ মৰিশালিলৈকে কঢ়িয়াই নিব লাগে অকলে ৷" এৰা প্ৰত্যেক মানুহৰে থাকে একোখন নিজৰ পৃথিৱী ৷ কাষত  মনোৰমা পত্নী, সন্তাক লৈ বিচনাত পৰি থাকিলেও প্ৰত্যেক মানুহেই নিজৰ স'তে কথাপাতে ৷ কিছুমান আনক ক'ব পৰা ৷ কিছুমান কাকো কাহানিও ক'ব নোৱাৰা ৷ সেইবাবেই চাগে বুদ্ধদেৱ গুচি গৈছিল মনোৰমা পত্নী, পুত্ৰক এৰি থৈ নিজৰ স'তে কথা পাতিবলৈ ৷
একান্ত নিজৰ ভাৱনাত বিভোৰ হৈ থাকে মানুহ সুবিধা পালেই ৷ নাইবা অন্যমনস্ক নিৰ্বিকাৰতো দোলা দি থাকে এনে কিছুমান নিসংগ চিন্তাই ৷ এনে কিছুমান প্ৰকাশ কৰিব পৰা ইতিবাচক চিন্তা কোনোৱে প্ৰকাশ কৰে ৷ সাহিত্যৰ ৰূপ পায় ৷কিছুমানে নোৱাৰে মন সাগৰতে ঢৌ তুলি পুনু তাতে লয় যায় ৷ যিবোৰ অপ্ৰকাশ্য সেইবোৰ ভাৱনাই মানুহক ৰুকী ৰুকী খাই -কেকোঁৰা, মকৰাৰ পোৱালীয়ে মাকক খোৱা দি ৷ বুকুতে থাকে অথচ বুকুখনকে খোলি খোলি খাই এই দুঃভাৱনাই ৷ সঁচাই মানুহ বৰ অকলশৰীয়া ৷ এই যে আত্মীয়তা, বন্ধুতা ৷ উত্তৰ পুৰুষ তাকো নিজৰ তেজেৰে গঢ়া ৷ মানুহ এইবোৰৰ উৰ্ধত ৷ শেষ সত্য হ'ল নিঃসংগতা ৷ জীৱনৰ শেষ সময়ত মানুহে আশাকৰে আত্মীয়-স্বজন, উত্তৰ পুৰুষে ৰাখিব পাৰিব তেওঁক এই ধৰাত ৷ নাই নোৱাৰে কোনেও ৷ জীৱনৰ সোঁৱৰণীবোৰ পাগুলি পাগুি মানুহ যায় গৈ ৷ যিবোৰ একান্ত নিৰ্জন ৷ মানুহৰ সাগৰৰ মাজত থাকিও মানুহ এটা দ্বীপ ৷ নাইবা জুমৰো মাজতো অকলশৰীয়া ৷

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?