জুই জ্বলিছে

সকলো ঘূৰিছে
কেন্দ্ৰ কৰি এটা বিন্দুৰ
গঢ়িছে বৃত্ত
অৰ্থ লোভৰ লালসাৰ
বাসনাৰ৷
ব্যক্তি কিম্বা সমাজ
নিলাজৰ দৰে দৌৰিছে
ধনন্তৰীৰ আঁচলত ধৰি
বন্ধকত থৈ
বিবেক,
হৃদয় ৷

"ব্যক্তি যদি ব্যক্তি কেন্দ্ৰীক"
তেনে
সংগঠিত সকল
ক্ষমতা কেন্দ্ৰীক ৷
নেতৃত্বৰ লালসা
সহজ ধনৰ বাসনা
নাপালেই ধৰ্ণা ৷

প্ৰতিবাদৰ শেষত কোন যায়
শোষকৰ স'তে সন্ধি পত্ৰত
চুক্তি কৰিবলৈ
বন্ধকত থৈ জনতাক?

সমাজ সেৱাৰ ভণ্ডামিৰে
কোন যায় পিচ দুৱাৰে দি
অসামাজিকৰ
স্বৰ্ণাভ কাৰেঙলৈ?

কোনেও নিদিয়ে ভৰি সত্যৰ
কন্টকময় পথত
মিছাৰ বাট যে
মসৃণ,  পিচল ৷

নেতাৰ বগা পোচাকৰ তলত
বাস কৰে ক'লা আত্মা
দিনত আওঁৰাই পোহৰৰ শ্লো-গান
আন্ধাৰত জনতাৰ তেজৰ মদিৰা পি
ৰচনা কৰে ইস্তাহাৰ শোষণৰ ৷

নিষ্পেষিত জনতাৰ বুকুত
জুই জ্বলে
আঙঠাৰ দৰে
বাঘ চকুৰ দৰে জিলিকে ৰাতি
পেটত জ্বলি থাকে জুই
ক্ষুধাৰ
জুই জ্বলে
জুই
যি জুইত পোৰি যাহ যাব এদিন
শোষণৰ, বঞ্চনাৰ
ৰাজপ্ৰসাদ ৷৷

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)