Dharma ( ধৰ্ম)


ধৰ্ম

পুৱাই উঠি টুথপেষ্টটোক সুধিলো
কি ধৰ্ম অ' তোৰ?
কোনে বনাইছে তোক
হিন্দু? ইচলাম? খ্ৰীষ্টান………?
স্নানাগাৰৰ চাবোন টুকুৰাক সুধিলো
কি চৰ্বিৰে তৈয়াৰি তই?
গৰু? গাহৰী?????
 দাপোন খনক সোধিলো
প্ৰতিফলিত কৰণে তই
পৃথক প্ৰতিবিম্ব,  পৃথক ধৰ্মীৰ?

আলনাৰ চোলাটোক সুধিলো
কোনে বা সী- ছে টোক?
সি বা কোন ধৰ্মৰ?

পথটোক সুধিলো
যাব পাৰেনে তোৰ ওপৰেৰে
সৰ্বধৰ্মৰ মানুহ?

পথটোৰ কাষৰ মন্দিৰ, মচজিদ, গীৰ্জা, গুৰুদ্বাৰা সকলোতে মূৰ দোঁৱালো
সিহঁতে  নোসুধিলে
"অই তোৰ ধৰ্ম কি?"

Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)