Karangor Ligiri ( কাৰেঙৰ লিগিৰী)



প্ৰতিভা

প্ৰতিভা তেজত লুকাই থাকে নেকি?? গাঁৱৰ মহিলা সকলে এইবেলি দ্বিতীয় বাৰৰ বাবে নাটক কৰিব ৷
মে-ডাম-মে-ফী ত ৷ গ'ল বেলি মোৰ পৰিচালনাতে সাহিত্য ৰথী বেজবৰুৱা দেৱৰ "জয়মতী" কৰিছিল ৷ এইবেলি ৰূপকোঁৱৰৰ "কাৰেঙৰলিগিৰী" ৷ পৰিচালনাৰ দায়িত্ব মোৰেই ৷ গাঁৱৰ ডেকা-বুঢ়া মিলি বাঁহৰ খুঁটা, গাধৈৰে মঞ্চটো সাজি দিছে ৷ ব্যৱস্থাপনা পুৰুষ সমাজৰ ৷ এই সকল মহিলাক লৈ নাটক কৰিবলৈ প্ৰথম বছৰ সাহ কৰা নাছিলো ৷ মৰসাহ কৰি হে আবাঢ়িছিলো ৷ কিন্তু এইবাৰ সেই দৰ নাই ৷ গ'ল বেলিয়েই গম পালো এওঁলোকে পাৰিব ৷ কোনোদিন নাটক নকৰা বোৱাৰী কেইগৰাকী মানে যি সাৱলিলতাৰে ৰূপকোঁৱৰৰ নাটৰ কঠিন সংলাপ মুখস্থ কৰাই নহয় অভিব্যক্তি আৰু ৰসপূৰ্ণভাৱে প্ৰক্ষেপ কৰি পাৰদৰ্শিতা দেখুৱাইছে,  ভাবিবলৈ বাধ্য হৈছো-প্ৰতিভা শুই থাকে তেজৰ তলত ৷ তাক জগাব জানিলেই সাৰ পাই উঠে ৷ মনৰ নিজানত প্ৰত্যেক মানুহৰ তেজত নিতাল মাৰি থাকে শৈল্পিক অনুভূতি ৷ কিছুমান প্ৰকাশৰ অভাৱত শেষ হৈ যায় নিৰৱে ৷ জগাওঁতাৰ অভাৱো এক অন্যতম কাৰক ৷ নাট্য চৰ্চাৰ একো বিশেষ সুবিধা নাই আমাৰ গাঁৱত ৷ চৰকাৰী বিজুলী বাটিৰ পোহৰকণৰ বাদে ৷ আছে কেৱল ইচ্ছা ৷ এই প্ৰচণ্ড ইচ্ছা শক্তিকে মূলধন কৰি আগবাঢ়িছে মোৰ গাঁৱৰ নাৰী শক্তি ৷ সুন্দৰৰ সাধনাত কোনে বাধা দিয়ে? সাধ্য কাৰ?? যদি মনত থাকে অদম্য ইচ্ছা -সুন্দৰৰ আলিয়েদি আগুৱাই যোৱাৰ??

Comments

Popular posts from this blog

Udar Axomiya ( উদাৰ অসমীয়া)

বালিয়ে পোতা এখন গাঁৱৰ কথা। - বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ কৰে। নৈ খনৰ অৱস্থিতি অসম অৰুণাচল প্ৰদেশৰ ধেমাজি জিলা সীমান্তৱৰ্তী নলবাৰী গাঁও পঞ্চায়ত। নৈ খনৰ সংগম হৈছে গোগামুখৰ পৰা প্ৰায় ৪ কিলোমিটাৰ পূৱে বৈ থকা "ন-নদী" স'তে । কিন্তু বাৰিষাৰ কালছোৱাত নৈ খন অবাধ্য হয়। সাপৰ নেগুৰ যেন নৈ খনে কাল মূৰ্তি ধৰে। অৰুণাচলৰ পাহাৰত বৰষুণ দিলেই গেৰমে নৈ খন বিস্তাৰিত হয়। পাহাৰত গছ গছনি কাটি তহিলং কৰাৰ ফলত বালি আৰু বালি কঢ়িয়াই আনে গৰমেই । ফল ভোগে নামনিৰ গাঁও বোৰে। তেনে এখন গাঁৱৰ নাম ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ নলবাৰী পঞ্চায়তৰ মানিকপুৰ গাঁও। বড়ো জনগোষ্ঠীৰ লোকৰ বসতি এই গাওঁ খনৰ অৱস্থা এতিয়া তথৈবচ। গাঁও খন চাবলৈ গৈ দেখিলো ঘৰবোৰ পোত গ'ল। বড়ো জনগোষ্ঠীয়ে চাং ঘৰ নাসাজে যদিও বানৰ পৰা বাচিবলৈ চাং ঘৰ সাজিছে। সেই চাং ঘৰবোৰো গেৰমেৰে নৈৰ বালিয়ে পোতি মাটিৰ ঘৰ যেন কৰিছে। মোৰ পৰিদৰ্শন কালত কেইজনমান বড়ো ডেকাই নাৱেৰে মূল পথত উঠিছে। গাঁও খন মই ২০০০ চনৰ পৰা দেখিছোঁ। তেতিয়া বালিয়ে পোতা পথাৰবোৰ শালিতলি আছিল। হঠাৎ এই বিপৰ্যয়ৰ কাৰণ গছ তহিলং কৰা। ঘৰে ঘৰে পৰ্টেল খুলি দায়বদ্ধতাৰ পৰিচয় দিয়া সকলে এইবোৰ ঢুকি পোৱাগৈ নাই। সেয়েহে সমস্যাটো মোৰ ফালৰ পৰাই উপস্থাপন কৰিলোঁ। মাণিকপুৰে বালিৰ তলতে কঁকবকাই থাকিব নে!?